নিউজ ডেস্কঃ দিল্লীত এখন চৰকাৰী বিদ্যালয়ৰ চৌহদৰ বাহিৰত দুটা ছাত্ৰৰ গোটৰ মাজত সংঘটিত সংঘৰ্ষ প্ৰাণ হেৰুৱাই এজনে। ছাত্ৰৰ দুটা ফৈদৰ মাজত সংঘৰ্ষত ১৯ বছৰীয়া এজন যুৱকৰ মৃত্যু হয়।
আৰক্ষীয়ে এই সন্দৰ্ভত জনাই যে, অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা পিষ্টল জব্দ কৰা হৈছে। দৰাচলতে, দক্ষিণ-পশ্চিম দিল্লীৰ দ্বাৰকা ছেক্টৰ ১৬ এৰ এখন বিদ্যালয়ৰ বাহিৰত স্কুলীয় ছাত্ৰৰ দুটা গোটৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় আৰু খুৰ্শ্বিদ নামৰ এজন যুৱকক গুলীয়াই হত্যা কৰা হয়।
ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, গ্ৰেপ্তাৰ কৰা অভিযুক্তজনৰ নাম সাহিল ওৰফে মনু।