নিউজ ডেস্ক : ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশতে সংহাৰী ৰূপ ধাৰণ কৰি তাণ্ডৱলীলা চলাই কেইবা লক্ষাধিক লোকক মৃত্যুৰ মুখলৈ ঠেলি দিছে। বৰ্তমান ক’ভিডৰ দ্বিতীয়টো ঢৌৰ শক্তি কিছু হ্ৰাস পাইছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিছে। ইয়াৰ মাজতে ক’ভিডৰ এক নতুন ভেৰিয়েন্ট পুনৰ প্ৰত্যাহ্বান হিচাপে থিয় দিয়াৰ আশংকা প্ৰকাশ কৰা হৈছে। ইতিমধ্যে দেশৰ আঠখনকৈ ৰাজ্যত ক’ভিডৰ নতুন ভেৰিয়েন্ট ডেল্টা প্লাছৰ সংক্ৰমণ ঘটিছে।

জানিব পৰা মতে দেশৰ আঠখন ৰাজ্যৰ ৪০ জনকৈ লোক ডেল্টা প্লাছত আক্রান্ত হৈছে। বিশ্বৰ ১০ খনকৈ দেশত ডেল্টা প্লাছৰ সংক্ৰমণ ঘটাৰ পিছত ভাৰত মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, কেৰেলা, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, পাঞ্জাৱ আৰু জম্মুত ডেল্টা প্লাছৰ সংক্ৰমণ ঘটিছে। এই আঠখন ৰাজ্যত মুঠ ৪০ জন লোক ডেল্টা প্লাছত আক্রান্ত হৈছে। ইয়াৰে সর্বসাধিক ২১ জন লোক আক্রান্ত হৈছে মহাৰাষ্ট্ৰত।

ভাৰতৰ লগতে বিশ্বৰ ১০ খন দেশত ডেল্টা প্লাছৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে। ইফালে এইমছৰ চিকিৎসক শুভ্ৰদীপ কৰ্মকাৰে ডেল্টা প্লাছক লৈ কয় যে ক’ভিডৰ এই নতুন ভেৰিয়েন্ট অধিক সংক্ৰমণ হয় যদিও ভাৰতত ইয়াৰ সংখ্যা অতি কম গতিকে বৰ্তমান চিন্তাৰ কাৰণ নাই। আনহাতে ক’ভিডৰ এই নতুন ভেৰিয়েন্ট তৃতীয়টো ঢৌ ৰূপে আহিব নেকি, ইয়াকেলৈ চিন্তা প্ৰকাশ কৰা হৈছে।

স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে ডেল্টা প্লাছ প্ৰকাৰ ভাৰতত তৃতীয় ঢৌৰ কাৰণ হ’ব পাৰে। আৰু এই প্ৰকাৰবোৰে মানুহৰ ৰোগ প্ৰতিৰোধ প্ৰণালীকো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব পাৰে। ভাৰতত এই প্ৰকাৰটোৰ আক্ৰান্তৰ সংখ্যা এতিয়ালৈকে কম।বিজ্ঞানীসকলে বৰ্তমান ডেল্টা প্লাছ প্ৰকাৰটোত ভেকচিনবোৰ কিমান কাৰ্যকৰী হ’ব সেই বিষয়ে অব্যাহত ৰাখিছে গৱেষণা।

লগতে পঢ়ক : গুজৰাটৰ পৰা কুমাৰীকাটাত আহিল দুমহলীয়া বিলাসী বাছ

ইফালে দেশত মঙলবাৰৰ দিনটোত ৫০ হাজাৰ ৮৪৮ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হয়। মঙলবাৰে দেশত মৃত্যুৰ মুখত পৰে ১ হাজাৰ ৩৫৮ জন ক’ভিড ৰোগী। আনহাতে ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৬৮ হাজাৰ ৮১৭ জন লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply