নিউজ ডেস্কঃ ব্যক্তিগত বিমান কোম্পানী ইণ্ডিগ’ৰ বিৰুদ্ধে ৫ লাখ টকা জৰিমনা বিহিছে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে। ব্যক্তিগত বিমান কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে, গ্ৰাউণ্ড ষ্টাফে ৰাঞ্চী বিমান বন্দৰত এটি দিব্যাংগ শিশুক হায়দৰাবাদলৈ উৰা মাৰিবলগীয়া বিমানত উঠিবলৈ লোৱাৰ সময়ত বাধা প্ৰদান কৰিছিল।
তাৰপাছত শিশুটিৰ অভিভাৱকেও বাহনখনত উঠিবলৈ অমান্তি হয়। দৰাচলতে, এই ঘটনা সংঘটিত হয় ৭ মে’ তাৰিখে। ইফালে, বিমান বন্দৰটোত শিশুটিক বিমানত উঠিবলৈ বাধা দিয়াৰ সন্দৰ্ভত ইণ্ডিগ’ৰ তৰফৰ পৰা কোৱা হৈছে যে- বিমানত উঠিবলৈ লোৱাৰ সময়ত অতি শংকিত তথা ভয়ত আছিল শিশুটি।
উল্লেখ্য যে, ৭ মে’ত এই ঘটনা সংঘটিত হোৱাৰ পাছতে বিষয়টো ৮ মে’ত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত মন্ত্ৰী জ্যোতিৰাদিত্য চিণ্ডিয়াই এই ঘটনাক লৈ নিজে তদন্তৰে জড়িত থাকিব বুলি কৈছিল। তাৰপাছতে ফেক্ট ফাইণ্ডিং কমিটী গঠন কৰা হয় আৰু তদন্ত আৰম্ভ কৰা হয়।