নিউজ ডেস্কঃ ভাৰতৰ ৰাজনৈতিক দল সমূহৰ ভিতৰত শিৱসেনা দল অন্যতম। বালা চাহেব ঠাকৰে প্ৰতিষ্ঠা কৰা শিৱসেনা দলত আজি দুটা গোট। এটা গোট মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ আৰু আনটো গোট বৰ্তমানৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ।

বৰ্তমান মহাৰাষ্ট্ৰত চলি থকা চৰকাৰ খনৰ আৰম্ভণি ২০১৯ চনত হৈছিল। যিহেতু নিৰ্বাচনত শিৱসেনা জয়ী হৈছিল সেইবাবে সৰ্ব সন্মতি ক্ৰমে বালা চাহেব ঠাকৰে পুত্ৰ উদ্ধৱ ঠাকৰেক মুখ্যমন্ত্ৰী হিচাপে শাসন বহে। কিন্তু উদ্ধৱ ঠাকৰেই তিনিবছৰ কাৰ্যকাল সম্পূৰ্ণ নহওঁতেই শিৱসেনাৰ অন্য এজন সৱল নেতা একনাথ সিন্দেই বিসম্বাদ কৰাৰ আৰম্ভ কৰে।

একনাথ সিন্দেৰ বিসম্বাদত শিৱসেনাৰ কিছু বিধায়ক আৰু মহাৰাষ্ট্ৰৰ বিজেপি দলৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে সমৰ্থন কৰে। সেই অনুযায়ী উদ্ধৱ ঠাকৰে ওচৰত বহুমত নথকাত মুখ্যমন্ত্ৰী পদ হেৰুৱাব লগীয়া হয়। আৰু মুখ্যমন্ত্ৰীৰ চকীত একনাথ সিন্দে বহিবলৈ সক্ষম হয়।

এই ঘটনাৰ পিছতেই শিৱসেনা দলৰ নিজৰ ভিতৰতে হোৱা এনে বিসম্বাদে কোন আচল শিৱসেনা হয় তাৰ দৌৰত দুটা গোটে নামে। যিহেতু শিৱসেনা দলৰ প্ৰতীক অথবা চিহ্ন এটাই তাৰ বাবেও যুঁজ আৰম্ভ হয়। যুঁজৰ মাজতে চিহ্নক লৈ মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যলয়ৰ পৰা জাননী আহিল যে একনাথ সিন্দেৰ গোটেহে শিৱসেনা দলৰ চিহ্ন ব্যৱহাৰ কৰিব পাৰিব।

এনে ঘোষণাৰ পিছতেই উদ্ধৱ ঠাকৰে গোটৰ অন্যতম নেতা তথা সাংসদ সঞ্জয় ৰাউত আৰু অন্য নেতাসকলে কৈছিল যে একনাথ সিন্দেৰ গোটে ২,০০০ কোটি টকাৰ বিনিময়ত শিৱসেনাৰ চিহ্ন ক্ৰয় কৰিছিল।

তাৰ পিছতেই সিন্দে গোটৰ নেতা ৰাহুল ৰমেশ শেৱালে দিল্লী উচ্চ ন্যায়ালয়ত মানহানিৰ গোচৰ তৰে প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, আদিত্য ঠাকৰে আৰু সঞ্জয় ৰাউতৰ বিৰুদ্ধে।

এতিয়া ৰাহুল গান্ধীৰ পিছতেই বিপদত সোমাই পৰিছে উদ্ধৱ ঠাকৰে, আদিত্য ঠাকৰে আৰু সঞ্জয় ৰাউতৰ লগতে বহু কেইজন শিৱসেনা দলৰ নেতা।

মানহানি গোচৰটোৰ ভিত্তিতেই দিল্লী উচ্চ ন্যায়ালয়ে আটাই কেইজনলৈ এতিয়া প্ৰেৰণ কৰিছে চমন। সকলোকে ১৭ এপ্ৰিলত মাতি পঠোৱা হৈছে।

উল্লেখযোগ্য যে, শেৱালে তেওঁৰ আবেদনত দাবী কৰিছে যে আদালতে উদ্ধৱ থাকৰে আৰু বাকী নেতা সকলক ভৱিষ্যতে এনে ধৰণৰ মন্তব্য দিয়াত বাধা দিব লাগে। গতিকে, এতিয়া ১৭ এপ্ৰিলৰ পাছতহে পোহৰলৈ আহিব আদালতে কি কয় এই সন্দৰ্ভত। ৰাহুল গান্ধীৰ দৰে এই সকলোৰো একেই দশা হ’ব পাৰে বুলি এতিয়া জনসাধাৰণে ভাবিবলৈ আৰম্ভ ধৰিছে।

লগতে পঢ়ক – গুলীচালনাত তিনি শিক্ষাৰ্থী নিহত আমেৰিকাৰ এখন বিদ্যালয়ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply