দিলীপ কুমাৰ

পুনৰ অসুস্থ হৈ পৰিছে বলিউদৰ প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ। অভিনেতাগৰাকীক হিন্দুজা হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে।
শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ বাবেই পুনৰ চিকিৎসালয়লৈ অনা হৈছে অভিনেতাজনক। যোৱা ৬ জুনত একে ধৰনৰ সমস্যাৰ বাবে একেখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । সুস্থ হৈ উঠাৰ বাবে মাত্ৰ ১০ দিনৰ পূৰ্বে দিলীপ কুমাৰক চিকিৎসালয়ৰ পৰা মুকলি কৰি নিয়া হৈছিল।ইফালে অভিনেতাজনৰ পৰিয়াল আৰু চিকিৎসালয়ৰ ফালৰ পৰা অভিনেতাজনৰ স্বাস্থ্য সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

১৯৪৪চনত এই অভিনেতাগৰাকী কাম কৰিছিল প্রথমখন ছবিত। উক্ত চনত ‘জ্বাৰ ভাটা’ নামৰ ছবি খনৰ জৰিয়তে তেওঁ ভৰি থৈছিল বলিউডৰ জগত খনত। তাৰপাছত এখনৰ পাছত আনখন হিট ছবি আৰু নিজৰ অভিনয়ৰ শৈলীৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয় অভিনেতাগৰাকী। জ্বাৰ ভাটাৰ পাছত তেওঁ মুগল-এ-আজম, দেৱদাস, নয়া দৌৰ, ৰাম আৰু শ্যামৰ দৰে বহু ছুপাৰ হিট ছবিত অভিনয় কৰে।

উল্লেখ্য যে, দিলীপ কুমাৰ নামে বিশ্বজুৰি খ্যাতি লাভ কৰা অভিনেতাগৰাকীৰ প্ৰকৃত নাম মহম্মদ ইউছুফ খান। ১৯২২ চনৰ ১১ ডিচেম্বৰত জম্ম গ্ৰহণ কৰা অভিনেতাগৰাকীক ১৯৯১চনত পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয়। তাৰপাছত ২০১৫চনত তেওঁক সন্মানিত কৰা হয় পদ্মবিভূষণ সন্মানেৰে।অভিনেতা জনক চিকিৎসালয়ত ভৰ্তি কৰাৰ পাছতেই অনুৰাগীসকলে তেওঁৰ সুস্থাস্থ্য কামনা কৰি প্ৰাৰ্থনা কৰিছে।

লগতে পঢ়ক গোৰেশ্বৰত আটক কিশোৰী ধৰ্ষণকাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply