নিউজ ডেস্কঃ দেশত দৈনিক ক’ভিড সংক্রমণৰ হাৰ নিম্নগামী হৈছে৷ এনে পৰিপ্রেক্ষিততে অহা ১৮ অক্টোবৰৰ পৰা এশ শতাংশ যাত্রীয়ে দেশীয় বিমান সেৱা অব্যাহত হ’ব বুলি ঘোষণা কৰিছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে৷ কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে প্রকাশ কৰা মতে, বর্তমান ৮৫ শতাংশ যাত্রীৰে দেশীয় বিমান সেৱা চলি আছে৷

বিমান যাত্রীৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি দেশৰ ক’ভিড পৰিস্থিতিৰ পর্যালোচনাৰ অন্তত এশ শতাংশৰে দেশীয় বিমান চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ দেশৰ সকলো প্রান্তলৈ বিমান সেৱা পুনৰ স্বাভাৱিক ৰূপত চলাচল কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলিও মন্ত্রালয়ে প্রকাশ কৰিছে৷ অৱশ্যে ভ্রমণৰ সময়ছোৱাত যাত্রীসকলে ক’ভিড–১৯ প্রট’কল মানি চলিব লাগিব বুলিও মন্ত্রালয়ৰ বিবৃতিত উল্লেখ কৰিছে৷

লগতে পঢ়কঃতিনিচুকীয়াৰ ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান

চলিত বর্ষৰ মার্চৰ পৰা ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাৰ পিছত ১ জুনৰ পৰা ৫ জুলাইলৈ ৫০ শতাংশ বিমান চলাচলৰ অনুমতি আছিল৷ পৰৱর্তী সময়ত ৫ জুলাইৰ পৰা ১২ আগষ্টলৈ ৬৫ শতাংশ আৰু ১৩ আগষ্টৰ পৰা ৮৫ শতাংশ যাত্রীৰে বিমান চলাচলৰ অনুমতি দিয়া হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply