দেশৰ বিশিষ্ট হৃদ ৰোগ বিশেষজ্ঞ পদ্মশ্ৰী বঁটাপ্ৰাপক ডাঃ কে কে আগৰৱালে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয়। তেওঁৰ টুইটাৰ হেণ্ডেলত এই কথা প্ৰকাশ কৰা হৈছে।
মৃত্যুৰ সময়ত চিকিৎসক গৰাকীৰ বয়স আছিল ৬২ বছৰ।
ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি আগৰৱালাক ক’ভিড ধৰা পৰাৰ পিছত সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল আৰু যোৱা সপ্তাহৰ পৰা তেওঁক ভেণ্টিলেশ্যনত ৰখা হৈছিল।
লগতে পঢ়ক : ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত এজনক আটক
এক বিজ্ঞপ্তিৰ মতে কেইবা দিন ধৰি ক’ভিডৰ সৈতে যুঁজ দি অৱশেষত যোৱা সোমবাৰে ৰাতি ১১.৩০ বজাত চিকিৎসক গৰাকীয়ে মৃত্যুক সাবটি লয়।
‘এই মহামাহীৰ মাজতো তেওঁ বিভিন্ন ভিডিঅ’ আৰু শিক্ষামূলক কাৰ্য্যসূচীৰ জৰিয়তে লাখ লাখ লোকক সজাগ কৰি তুলিছিল আৰু অসংখ্য লোকক জীৱন দান দিছিল। তেওঁ জীৱনটো আমাৰ বাবে আদৰ্শ হোৱা উচিত।’ বিজ্ঞপ্তিটোত কোৱা হয়।