দীপক কুমাৰ দাস : ২০২০ বৰ্ষত কেঞ্চাৰত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত হোৱা গবেষণাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।গৱেযকসকলে মানৱ জাতিৰ উপভোগ্য সামগ্ৰীৰ উপকাৰ আৰু অপকাৰ সম্পৰ্কীয় অধ্যয়ন চলাই থাকে। অধ্যয়নত নিত্য নতুন তথ্য লাভ কৰিবলৈ সক্ষম হয়।ই কেতিয়াবা ইতিবাচক,কেতিয়াবা নেতিবাচক হয়।
এলকহলৰ ওপৰত শেহতীয়া অধ্যয়নৰ তথ্য উদ্বেগজনকেই নহয় ভয়াবহো। ব্ৰিটিছ জাৰ্নেল লানচেটত এলকহলক লৈ ভয়াবহ তথ্য প্ৰকাশ পাইছে।প্ৰকাশিত প্ৰতিবেদন মতে এলকহল সেৱনকাৰী দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে।এলকহল সেৱন কৰিলে স্তন,যকৃত, খাদ্য প্ৰণালী,কলন আদিত কৰ্কট ৰোগ হয়।অধ্যয়নত এই কথা নিশ্চিত হৈছে।২০২০বৰ্যত ৭,৪১,৩০০জন এলকহল সেৱনৰ ববেই কৰ্কটত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ।
আন্তৰ্জাতিক কৰ্কট গৱেষণা কেন্দ্ৰৰ হেৰিয়েট ৰামগে’ৰ মতে গোলকীয় পৰ্যায়ত কৰ্কট ৰোগৰ বোজা হৈ পৰিছে এলকহল।লাগিলে এলকহল কম পৰিমাণেই সেৱন নকৰক কিয়।এলকহলৰ প্ৰভাৱে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি কৰাতো অজ্ঞাত আৰু দৃষ্টিগোচৰ হোৱা নাছিল।এতিয়া তথ্য পো্হৰলৈ অহাৰ পাছত এলকহল আৰু কৰ্কটৰ মাজৰ সম্পৰ্কক প্ৰচাৰ কৰিব লাগে।
লানচেট অনক’লজী শিতানত প্ৰকাশিত মতে,এলকহল বিক্ৰীৰ তথ্য আৰু ৰাজহ সংগ্ৰহৰ ভিত্তিত এই অধ্যয়ন চলোৱা হৈছে।এই তথ্যৰ পুংখানুপুংখ বিশ্লেষণৰ অন্তত এলকহল সেৱনে বিগত বৰ্ষত ৭,৪১,৩০০ লোকৰ কৰ্কটত প্ৰাণ হেৰুওৱাৰ তথ্য লাভ কৰে।২০২০ বৰ্ষত কৰ্কটত নতুনকৈ আক্ৰান্তৰ ভিতৰত এলকহল সেৱনকাৰী ধৰা পৰিছে।
মৃত লোকৰ ভিতৰত ৫,৬৮,৭০০ পুৰুষ আৰু ১,৭২,৬০০ মহিলা আছে । ইয়াৰে ভিতৰত অধিকাংশ খাদ্য প্ৰণালী , যকৃত আৰু স্তন কেন্সাৰত আক্ৰান্ত হৈ মৃত্যু ঘটে । কৰ্কটৰ ধৰণ তুলনা কৰিলে এলকহল সেৱন কৰিলে খাদ্য প্ৰণালী ,ভিঙি, ওঠ আৰু মুখত কৰ্কট ৰোগ হোৱাৰ সম্ভৱনা থাকে । এলকহল অধিক পৰিমাণে সেৱন কৰাটো অতিকৈ বিপদজনক ।
কিয়নো এলকহল সৃষ্ট কৰ্কটৰোগ ইয়াৰ পৰা অধিক হয় । মজলীয়া আৰু কম পৰিমাণে এলকহল সেৱন কৰিলেও কৰ্কট ৰোগৰ কাৰণ হব পাৰে । প্ৰতি দিনে ১০ গ্ৰাম এলকহল সেৱন অৰ্থাৎ এটি সৰু গিলাচত সেৱন কৰাৰ পিছত ২০২০ চনত ৩৫, ৪০০ পৰা ১,৪৫,৮৭০ জন লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে । বিশ্বৰ সকলো প্ৰান্ততে এলকহল সেৱনকাৰী কৰ্কট ৰোগত আক্ৰান্ত হৈছে ।
দক্ষিণ আফ্ৰিকা আৰু পশ্চিম এছিয়াত তুলনামূলক ভাৱে কম যদিও পূব এছিয়া আৰু মধ্য – পূৱ ইউৰোপত আক্ৰান্তৰ সংখ্যা অধিক । গ্ৰেট বৃটেইনত মুঠ আক্ৰান্তৰ ভিতৰত ৪% এলকহলৰ লগত জড়িত । উল্লেখ্য যে এলকহলৰ সেৱনৰ পৰা কৰ্কট ৰোগ হোৱাটো নিশ্চিত হোৱাৰ পিছত গৱেষকসকলে এলকহলত চিগাৰেটৰ লেখিয়াই কৰ্কটৰ সতৰ্কবাণী লিপিবদ্ধ কৰাৰ পৰামৰ্শ দিছে কিন্তু এলকহলৰ লেবেলত কৰ্কটৰ সতৰ্কবাণী প্ৰচাৰ কৰিলে বিক্ৰীৰ পৰিমাণ হ্ৰাস পোৱাৰ শংকাত কোম্পানীসমূহে মানি ল’ব নে। দেশসমূহে ৰাজহ হেৰুৱাৰ ভয়ত সিদ্ধান্ত ল’ব পাৰিবনে সেয়া লক্ষণীয় হ’ব।
লগতে পঢ়ক গৌৰীসাগৰৰ দ’ল : কাৰ দোষত জহি-খহি গৈছে আহোম যোগৰ গৌৰৱ?