নিউজ ডেস্কঃ জম্মুৰ কছানক ছেক্টৰত আজি প্ৰৱেশ কৰে এখন ড্ৰোণ। আৰক্ষীয়ে স্পষ্ট কৰিছে যে, যোৱাকালি নিশা প্ৰায় ১১ বজাত পাকিস্তানৰ ফালৰ পৰা ড্ৰোণ এখন ভাৰতৰ প্ৰায় ৮ কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি আহে আৰু তিনিটা আইইডি ভাৰতৰ ভিতৰত পেলাই ড্ৰোণখন পুনৰ পাকিস্তানৰ দিশে উভতি যায়।

আৰক্ষীয়ে লগতে জনাইছে যে- আইইডি খিনিৰ ওজন প্ৰায় তিনি কিলোগ্ৰাম। আৰু এই আইইডিখিনি টিফিন বক্সৰ ভিতৰত সোমাই থোৱা আছিল। ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে। আৰু তাৎক্ষণিকভাৱে উক্ত স্থানত আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰহৰা দিছে।

ইফালে, আৰক্ষীয়ে আইইডিখিনি উদ্ধাৰ কৰাৰ পাছতে নিষ্ক্ৰিয় কৰি দিয়ে। আনহাতে, জম্মু-কাশ্মীৰতো প্ৰতিদিনাই সন্ত্ৰাসবাদীৰ এনেবোৰ কাৰ্য বৃদ্ধি পাই গৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply