নিউজ ডেস্কঃ বৃহৎ নিৰাপত্তা বেষ্টনীৰ মাজত জেলৰ পলায়ন কৰে এটা কুখ্যাত ড্ৰাগছ মাফিয়াই। কোলোম্বিয়াত সংঘটিত হৈছে এই ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শুকুৰবাৰে গাল্ফৰ কুখ্যাত ড্ৰাগছ মাফিয়া জুৱান কাস্ত্ৰোই নিৰাপত্তাৰক্ষীৰ পোছাক পৰিধান কৰি অতি সহজে জেলৰ পলায়ন কৰা চিচি টিভি কেমেৰাৰ ফুটেজত পৰিলক্ষিত হৈছে।
বিবিচিৰ খবৰ অনুসৰি, জেলৰ এগৰাকী গাৰ্ডে ড্ৰাগছ মাফিয়া জনক পলায়নত সহায় কৰাৰ বাবে গাৰ্ডজনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৫৫ গৰাকী গাৰ্ডক নিলম্বন কৰা হৈছে ইতিমধ্যে। গ্ৰেপ্তাৰ কৰা গাৰ্ডজনক বৃহৎ পৰিমানৰ ধন উৎকোচ দিছিল ড্ৰাগছ মাফিয়াটোৱে।
শুকুৰবাৰে পুৱা ভাগত আৰক্ষীৰ মাজত জেলৰ পৰা পলায়ন কৰিছে। উল্লেখ্য যে, ২০২১চনৰ পৰা কাৰাবাস খাটি থকা জুৱানক আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰাৰ কথা আছিল। আৰু তাৰ পূৰ্বেই এই ঘটনা সংঘটিত হয়।
চিচিটিভি কেমেৰাৰ ফুটেজত দেখা গৈছে যে, কোলোম্বিয়াৰ জেলৰ পৰা ড্ৰাগছ মাফিয়াটোৱে দুৱাৰ খুলি পলায়ন কৰিছে। ইফালে, ডেইলী মেইলৰ খবৰ অনুসৰি, জুৱানে জেলখনৰ ৭খন দুৱাৰ খুলি অতি সহজে পলায়ন কৰে। আৰু পলায়নৰ সময়ত ড্ৰাগছ মাফিয়াটোৱে হুড থকা এটা জেকেট পৰিধান কৰি আছিল।
উল্লেখ্য যে, জুৱান কাস্ত্ৰোক বৰ্তমানলৈ কমেও ১২বাৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু ইয়াৰ পূৰ্বে দুবাৰকৈ জেলৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰিছিল ড্ৰাগছ মাফিয়াটোৱে।