নিউজ ডেস্ক: নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)- এ মুম্বাইৰ ক্ৰুজ জাহাজত ড্ৰাগছ গোচৰত সাঙোৰ খাই পৰা বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক আজি নিৰ্দোষী ঘোষণা কৰে।
উক্ত গোচৰত আৰিয়ান খানকে ধৰি ১৯ জনক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে দুগৰাকী অভিযুক্তৰ বাহিৰে আন আটাই কেইগৰাকী অভিযুক্ত বৰ্তমান জামিনত আছে।
এক বিবৃতিত এনচিবিয়ে কয়, “বিগত বৰ্ষৰ ২ অক্টোবৰত মুম্বাই এনচিবিয়ে এক সূত্ৰৰ আধাৰত মুম্বাই প’ৰ্ট ট্ৰাষ্টৰ আন্তৰ্জাতিক বন্দৰ টাৰ্মিনেলত বিক্ৰান্ত, ইশমিত, আৰবাজ, আৰিয়ান আৰু গোমিতক আৰু কৰ্ডেলিয়া ক্ৰুজত নুপুৰ, মোহক আৰু মুনমুনক আটক কৰিছিল। আৰিয়ান আৰু মোহকৰ বাহিৰে আটাইকেইজন অভিযুক্তৰ ওচৰত নিচাজাতীয় সামগ্ৰী পোৱা গৈছিল।”
৩ অক্টোবৰত এন চি বিয়ে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰে আৰু ইয়াৰ এমাহ পিছত তেওঁ জামিনত মুকলি হৈ আহে।
আদালতত দাখিল কৰা ৬,০০০ পৃষ্ঠাৰ অভিযোগপত্ৰত এনচিবিয়ে ১৪ জন অভিযুক্তৰ নাম উল্লেখ কৰিছিল যদিও পৰ্যাপ্ত প্ৰমাণৰ অভাৱত আৰিয়ান খান আৰু মোহককে ধৰি আন ছয়জন অভিযুক্তৰ নাম আঁতৰাই দিয়া হয়।
লগতে পঢ়ক – কোনো অনুষ্ঠানত সময়মতে উপস্থিত থকাটো অপৰাধ! পিছে কোনখন দেশত প্ৰচলিত এই প্ৰথা