নিউজ ডেস্কঃ মঙলবাৰে নিশা প্ৰায় ১০.২২ বজাত ৩০ চেকেণ্ড জোৰা ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল আফগানিস্তান, পাকিস্তানৰ লগতে উত্তৰ ভাৰতৰ কিছু অংশ।
পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগে জনোৱা অনুসৰি ৬.৬ প্ৰাৱল্যৰ ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ হিন্দুকুশ অঞ্চল আনহাতে ইয়াৰ গভীৰতা আছিল ১৮০ কিলোমিটাৰ।
ভাৰতত বৰ্তমান লৈকে কোনো আহত খবৰ অহা নাই।
পাকিস্তানৰ উত্তৰ-পশ্চিম খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ স্বাত উপত্যকা অঞ্চলত কমেও ৯ জন লোক নিহত আৰু প্ৰায় ১৫০ জন আহত হৈছে বুলি স্থানীয় সংবাদ মাধ্যমত বৰ্তমান প্ৰকাশ কৰিছে।
পাকিস্তানৰ জৰুৰীকালীন সেৱাৰ এজন মুখপাত্ৰ বিলাল ফাইজীয়ে মিণ্ট সংবাদ মাধ্যমক জনাই যে, উত্তৰ-পশ্চিম পাকিস্তানৰ বিভিন্ন স্থানত আঠটা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ছাদ, দেৱাল আৰু ঘৰ খহি পৰাৰ ঘটনাৰ ফলত ৯ জন লোক নিহত হোৱাৰ লগতে ১৫০ জন আহত হয়।
লগতে, আফগানিস্তানত কেন্দ্ৰীভূত আৰু তাজিকিস্তানৰ সীমান্তৱৰ্তী অঞ্চলতো অনুভৱ কৰা ভূমিকম্পত আন কেইবা ডজন লোক আহত হয় বুলি ফাইজীয়ে জানিবলৈ দিয়ে।
আহতসকলৰ বেছিভাগক পিছত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল, ফাইজীয়ে লগতে কয়।
ভূমিকম্পৰ ফলত পাকিস্তানৰ কিছুমান পাহাৰীয়া অঞ্চলত ভূমিস্খলন হোৱাৰ লগতে যাতায়ত ব্যাহত হৈ পৰিছে বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে।
উত্তৰ ভাৰতৰ দিল্লী-এনচিআৰ অঞ্চল, উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰতো নিশা ভূমিকম্পৰ অনুভৱ। দিল্লীৰ নিউ ফ্ৰেণ্ডছ কলনিৰ বাসিন্দা বিদ্যা ভল্লাই মঙলবাৰে নিশা মিণ্ট সংবাদ মাধ্যমত কয় যে, “মই অতীতত ভূমিকম্প অনুভৱ কৰিছিলো কিন্তু এইবাৰ কম্পন শক্তিশালী আৰু দীঘলীয়া আছিল। মই এতিয়া শুবলৈ ভয় খাইছো,”।
জানিব পৰা অনুসৰি, ভাৰত, পাকিস্তান, আফগানিস্তান, কাজাখস্তান, তুৰ্কমেনিস্তান,তাজিকিস্তান, উজবেকিস্তান, চীন আদি দেশসমূহত নিশা ভূমিকম্পৰ জোকাৰি গৈছিল। কিন্তু বাতৰিটো প্ৰকাশ হোৱা লৈকে পাকিস্তানৰ বাহিৰে অন্য দেশসমূহৰ পৰা কোনো আহত খবৰ বৰ্তমানলৈকে অহা নাই।
লগতে পঢ়ক – ফাঁচিৰে মৃত্যদণ্ড কষ্টদায়ক, বিকল্প ব্যৱস্থাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি