নিউজ ডেস্ক: দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাত অৰ্থনৈতিক সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দেশখনত স্বাধীনতাৰ পিছত দেখা দিয়া এয়া আটাইতকৈ সূচনীয় অৰ্থনৈতিক মন্দাৱস্থা। বৈদেশিক মুদ্ৰাৰ অভাৱত বাবে দেশখনত এতিয়া ইন্ধনৰ নাটনিৰ সৃষ্টি হৈছে।
বিগত কিছু দিনৰ পৰা অব্যাহত থকা তীব্ৰ আৰ্থিক সংকটে জুৰুলা কৰাৰ দেশখনৰ সাধাৰণ জনতাই চৰকাৰৰ বিৰুদ্ধে বিক্ষোভত নামি পৰিছে। বৃহস্পতিবাৰে ২০০০তকৈ অধিক প্ৰতিবাদকাৰীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষেৰ বাসগৃহৰ বাহিৰত প্ৰতিবাত ব্যাপক সাব্যস্ত কৰে।
ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী তুলি তেওঁৰ বাসগৃহ ঘেৰাও কৰিবলৈ চেষ্টা চলোৱা প্ৰতিবাদকাৰীসকলক তাৰ পৰা আঁতৰাই পঠাবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হয়। জানিব পৰা মতে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিৰ বাসভৱনত অগ্নিসংযোগৰ চেষ্টা চলাইছিল, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজধানী কলম্বোত নিশা প্ৰশাসনে সান্ধ্য জাৰি কৰিবলৈ বাধ্য হয়।
উল্লেখযোগ্য যে ২২ নিযুত জনসংখ্যা থকা শ্ৰীলংকাত বিগত কিছু দিনৰ ধৰি অব্যাহত থকা অৰ্থনৈতিক সংকটৰ ফলত পৰিস্থিতি এনে পৰ্য্যায় পাইছে যে জেনেৰেটৰ চলাবলৈ ডিজেলৰ অভাৱত দেশখনৰ চৰকাৰে দৈনিক ১৩ ঘণ্টা বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বৃহস্পতিবাৰে দেশখনত ডিজেলৰ বিক্ৰী বন্ধ হৈ পৰে। পেট্ৰ’ল বিক্ৰী হৈ আছে যদিও নাটনি বৃদ্ধি পায় গৈ আছে যাৰ ফলত যাতায়ত ব্যৱস্থাত যথেষ্ট ব্যাঘাত জন্মিছে।
দেশখনত দেখা দিয়া ভয়াৱহ অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি ওচৰত সহায় বিচৰাৰ কথা বিবেচনা কৰিছে।
লগতে পঢ়ক – উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যত প্ৰত্যাহাৰৰ বিপৰীতে অৰুণাচল তিনিখন জিলাত পুনৰ ৬ মাহলৈ বৃদ্ধি AFSPA