নিউজ ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত যোৱা ২৬ ফেব্ৰুৱাৰীত চি বি আয়ে গ্রেপ্তাৰ কৰিছিল আপৰ জ্যেষ্ঠ নেতা মনীষ শিশোদিয়াক। একেই অভিযোগতেই বৃহস্পতিবাৰে ই ডিয়ে দিল্লীৰ তিহাৰ কাৰাগাৰত শিশোদিয়াক বহু সময় ধৰি জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে।
আজি শিশোদিয়া চি বি আইৰ গোচৰত জামিন পোৱাৰ সম্ভৱনা আছিল কিন্তু তাৰ পূৰ্বে ই ডিয়ে গ্ৰেপ্তাৰ কৰে। শিশোদিয়া ই ডিৰ গোচৰত সোনকালে জামিন পোৱা সম্ভাৱনা একেবাৰে কম। ইডিয়েও শিশোদিয়াক আদালতত হাজিৰ কৰাব যদিও অধিক সময় বাবে নিজৰ জিম্মাত বিচৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
শিশোদিয়াক জেলৰ ভিতৰতে পুনৰ গ্ৰেপ্তাৰ কৰা বিষয়টো দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰি টুইট কৰে যে, ই ডিৰ লক্ষ্য হৈছে যিকোনো প্ৰকাৰে দলীয় সতীৰ্থ ছিছোডিয়াক কাৰাৰুদ্ধ কৰি ৰখা। মনীষক প্রথমে চি বি আয়ে গ্ৰেপ্তাৰ কৰিলে। চি বি আয়ে কোনো প্রমাণ, ধন তেওঁৰ পৰা জেৰাৰ কালত নাপালে। কাইলৈ সেই গোচৰৰ জামিনৰ শুনানিৰ দিন আছিল। ছিছোডিয়াই কাইলৈ জামিন পালেহেঁতেন। তাৰ পূৰ্বে আজি ই ডিয়ে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰিলে। তেওঁলোকৰ এটাই উদ্দেশ্য — যিকোনো প্ৰকাৰে ছিছেডিয়াক কাৰাদ্ধ কৰি ৰাখিব লাগে। সেইবাবে তেওঁৰ বিৰুদ্ধে নিতৌ নতুন নতুন ভুৱা গোচৰ জাপি দিয়া হৈছে।
লগতে পঢ়ক – সৰ্বদলীয়া বৈঠকত নিমন্ত্ৰণ নাপালে বিধায়ক অখিল গগৈ