নিউজ ডেস্কঃ ইডিয়ে শনিবাৰে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী জেকলীন ফাৰ্ণাণ্ডীজৰ ৭ কোটি টকাৰ উপহাৰ আৰু সম্পত্তি জব্দ কৰে। ইডিয়ে মানী লণ্ডেৰিঙৰ এক ঘটনাৰ তদন্ত চলাই থকাৰ মাজতে এই সম্পত্তি জব্দ কৰিছে।

জানিব পৰা মতে, অভিনেত্ৰীগৰাকী এই উপহাৰ প্ৰদান কৰিছিল কাৰাৰুদ্ধ প্ৰবঞ্চক সুকেশ চন্দ্ৰশেখৰে। ইডিৰ তথ্য অনুসৰি, জেকলীনৰ ৭.১২ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে।

উল্লেখ্য যে, ৰেনবেক্সী কোম্পানীৰ প্ৰাক্তন প্ৰমোটাৰ্ছৰ পৰা ২০০ কোটি টকা লুন্ঠন কৰাৰ অভিযোগত অভিযুক্ত চন্দ্ৰশেখৰ। ইডিৰ অভিযোগ অনুসৰি, চন্দ্ৰশেখৰে লুন্ঠন কৰা বৃহৎ পৰিমানৰ ধনৰ পৰাই ৫.৭১ কোটি টকাৰ উপহাৰ দিছিল বলিউডৰ অভিনেত্ৰীগৰাকীক।

ইফালে, অভিনেত্ৰী নোৰা ফটেহীৰ নামো সাঙোৰ খাইছে এই ঘটনাৰ সৈতে। আৰু ইডিয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তেওঁৰ সৈতেও সোধা-পোছা কৰিছিল। সুকেশ চন্দ্ৰশেখৰে ২০১৫চনৰ পৰা বৰ্তমানলৈকে বহু কেইগৰাকী অভিনেত্ৰী আৰু মডেলৰ নামত প্ৰায় ২০ কোটি টকা খৰচ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply