নিউজ ডেস্ক : পানামা পেপাৰ্ছৰ সৈতে জড়িত গোচৰত তিনিবাৰকৈ চমন লাভ কৰাৰ পিছত অৱশেষত Enforcement Directorate (ই ডি)-ৰ কাৰ্য্যালয়ত হাজিৰ হ’ল বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য্য ৰায়।
৪৮ বছৰীয়া অভিনেত্ৰী গৰাকীক আইন বলৱৎকাৰী সঞ্চালকালয়ে তেওঁৰ বিৰুদ্ধে বিদেশত ক’লা ধন জমা ৰখা অভিযোগ সম্পৰ্কত সোধ-পোছ কৰে। অভিনেত্ৰী গৰাকীক ইয়াৰ পূৰ্বেও চমন জাৰি কৰা হৈছিল যদিও তেওঁ দুবাৰকৈ ইয়াক পিছোৱাই আহিছিল।
উল্লেখযোগ্য যে ২০১৬ চনৰ ৩ এপ্ৰিলত গোটেই বিশ্বতে তোলপাৰ লগোৱা পানামা পেপাৰ্ছ কাণ্ড পোহৰলৈ আহিছিল। উক্ত কাণ্ডত ভাৰতৰ ৩০০ গৰাকীতকৈ অধিক ব্যক্তিৰ নাম সাঙোৰ খাই পৰিছিল, ইয়াৰ ভিতৰত ঐশ্বৰ্য্য ৰায়ৰ উপৰি অভিনেতা অমিতাভ বচ্চন, অজয় দেৱগন আদিৰ নামো আছে।
লগতে পঢ়ক : সোণাৰিত হাতী -মানুহৰ সংঘাত! ঘৰ-দুৱাৰ ভাঙি বিধ্বস্ত কৰে বনৰীয়া হাতীয়ে