নিউজ ডেস্ক: একনাথ সিন্দে হ’ব মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী,ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাৱিছে এই কথা ঘোষণা কৰে। বৃস্পতিবাৰে ফাড়নাৱিছ আৰু সিন্দে দুয়োগৰাকী নেতা একেলগে থকা সংবাদমেলত শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেয়ে আজি নিশা ৭.৩০ বজাত মুখ্য মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

‘’মই চৰকাৰৰ বাহিৰত থাকিম আৰু চৰকাৰ যাতে সুকলমে চলে তাক নিশ্চিত কৰিম,’’ সংবাদমেলত বিজেপি ফাড়নাৱিছে কয়।

উল্লেখযোগ্য যে যোৱা নিশা মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগৰ পিছতে ৰাজ্যখনত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হোৱাৰ পিছত আজি ফাড়নাৱিছে কৰা এই ঘোষনাক এক প্ৰকাৰে অপ্ৰত্যাশিত বুলি পাৰি।

আজি সংবাদমেলৰ পূৰ্বে দেৱেন্দ্ৰ ফাড়নাৱিছ আৰু একনাথ সিন্দেয়ে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰিক ৰাজভৱনত সাক্ষাত কৰিছিল। ৰাজ্যপালক লগ ধৰা পৰ্যন্ত ফাড়নাৱিছে আজি নিশা ৭ বজাত মুখ্য মন্ত্ৰী হিচাপে শপত ল’ব বুলি সকলো নিশ্চিত আছিল।

আনহাতে, ফাড়নাৱিছৰ উক্ত ঘোষণাৰ পিছতে তেওঁক ধন্যবাদ জনাই একনাথ সিন্দেয়ে। ‘’ফাড়নাৱিছৰ এখন বিৰাট বহল হদয় আছে। আমাক সমৰ্থন আগবঢ়োৱা সকলোকে মই ধন্যবাদ জনাইছো,’’ তেওঁ কয়।

আজিৰ এই সিদ্ধান্ত হিন্দুত্বৰ স্বাৰ্থত লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘’আমাৰ আজিৰ এই সিদ্ধান্ত হিন্দুত্ব আৰু বালাছাহেবৰ আদৰ্শৰ স্বাৰ্থত তথা আমাৰ বিধায়কসকলৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত লোৱা হৈছে।‘’

লগতে পঢ়ক –  চাকৰি: তেজপুৰ AFS-ৰ ২ নং কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষকৰ পদ খালী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply