নিউজ ডেস্ক: দেশৰ ৭৫০ টা সমষ্টিত আজি হৈছে ভোটগ্ৰহন । অসমৰ ৪০ টা সমষ্টিৰ লগতে পশ্চিমবংগৰ ৩১ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে । যোৱা দুটা পৰ্যায়ৰ দৰে তৃতীয় পৰ্যায়তো হিংসাত্ম ঘটনা সংঘটিত হৈছে ৰাজ্যখনত । সুৰক্ষাৰ বাবে ৬১৮ টা কোম্পানী ব্যবহাৰ কৰিছে যদিও নিৰ্বাচনী হিংসা কমা নাই ৰাজ্যখনত ।বিজেপিয়ে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে আঙুলি উঠোৱাৰ বিপৰীতে তৃণমূল কংগ্ৰেছে বিজেপিয়ে ৰাজ্যখনত নিৰ্বাচনী হিংসা চলোৱাৰ অভিযোগ কৰিছে । নিৰ্বাচনী হিংসা নিয়ন্ত্ৰনৰ বাবে আঠটাকৈ পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে যদিও ৰাজ্যখনত নিৰ্বাচনী হিংসা কমা নাই ।
তামিলনাডুৰ ২৩৪ খন আসনৰ বাবে আজিয়েই হৈছে নিৰ্বাচন । এইবাৰ প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ৩৯৯৮ গৰাকী । ৮৮,৯৩৭ টা পোলিং ষ্টেচনত পুৱাৰে পৰা ভোটদান হৈছে । মুল যুঁজখন ডিএমকে আৰু এআইএডিএমকে দলৰ মাজতেই হ’ব । ইয়াত বিজেপি সহযোগী দল হিচাবে এআইএডিএমকে সৈতে নিৰ্বাচনত নামিছে ।
কেৰেলাৰ ১৪০ খন আসনৰ বাবে আজি এটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হৈছে । এইবাৰৰ নিৰ্বাচনত ৰাজ্যখনত ২.৭৪ কোটি ভোটাৰে অংশ লৈছে । এদিনীয়াকৈ অনুষ্ঠিত নিৰ্বাচনত মুঠ ৯৫৭ গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দিতাত নামিছে ।
পডুছেৰীৰ ৩০ খন আসনৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে । ৩২৪ জন প্ৰাৰ্থী নিৰ্বাচনত অবতীৰ্ণ হৈছে । এটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৫ লাখতকৈও অধিক মহিলা আৰু ৪ লাখতকৈও অধিক পুৰুষ ভোটাৰ, ১১৬ গৰাকী তৃতীয় লিংগ আৰু ১১,৯১৫ জন দিব্যাংগ ভোটাৰে অংশ লৈছে ।