নিউজ ডেস্ক : নিৰ্বাচনী আয়োগে আজি পাঁচখন ৰাজ্য ক্ৰমে – উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে।
উত্তৰ প্ৰদেশত ১০, ১৪, ২০, ২৩, ২৭ ফেব্ৰুৱাৰী আৰু ৩, ৭ মাৰ্চত ৭ পৰ্য্যায়ত ২০২২ বৰ্ষৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
অহা ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত মণিপুত দুটা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে, পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱাত অহা ১৪ ফেব্ৰুৱাৰীত এটা পৰ্য্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
১০ মাৰ্চত ভোটগণনা কৰা হ’ব বুলি আজিৰ সংবাদমেলত নিৰ্বাচনী আয়োগে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে উত্তৰ প্ৰদেশত ৪০৩ বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে, পঞ্জাবত ১১৭ টা, উত্তৰাখণ্ডত ৭০ টা, মণিপুৰত ৬০ টা আৰু গোৱাত ৪০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব।
লগতে পঢ়ক – Eastmojo Exclusive আলফা স্বাধীনত যোগদান অসম আৰক্ষী জোৱানৰ!