আগৰতলা: ত্ৰিপুৰাৰ নৱ নিযুক্ত মুখ্য মন্ত্ৰী মানিক সাহাৰ মন্ত্ৰীসভাত আজি ১১ বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। নতুন মন্ত্ৰী সভাত শাসনাধিষ্ঠ বিজেপিৰ ৯ গৰাকী আৰু এই পি এফ টিৰ ২ বিধায়কে যোগদান কৰে।

ৰাজ্যপাল এছ এন আৰ্য্যই আজি ত্ৰিপুৰাৰ ৰাজ ভৱনত নতুন মন্ত্ৰীসভাক শপত বাক্য পাঠ কৰোৱায়।

আজি শপতগ্ৰহণ কৰা বিধায়কসকল হৈছে বিজেপিৰ জিষ্ণু দেব বৰ্মা, ৰতন লাল নাথ, প্ৰাণজিৎ সিনহা ৰয়, মনোজ কান্তি দেব, সানতনা চাকমা, ৰাম প্ৰসাদ পাল, ভগবান দাস, সুশান্ত চৌধুৰী, ৰাম পদ জামাতিয়া। আনহাতে আই পি এফ টিৰ বিধয়াক দুগৰাকী হৈছে এন চি দেববৰ্মা আৰু প্ৰেম কুমাৰ ৰিয়াং।

শপতগ্ৰহণ অনুষ্ঠানত মুখ্য মন্ত্ৰী মানিক সাহা, কেন্দ্ৰীয় মন্ত্ৰী ভুপেন্দৰ যাদৱ আৰু প্ৰতিমা ভৌমিক, প্ৰাক্তন মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব উপস্থিত থাকে।

চৰকাৰৰ এক সূত্ৰই জনোৱা মতে আজি শপত লোৱা কেবিনেত মন্ত্ৰীসকলৰ বিভাগসমূহ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব।

উল্লেখযোগ্য যে আজি শপতগ্ৰহণ কৰা ১১ মন্ত্ৰীৰ ভিতৰত বিজেপিৰ ৰাম পদ জামাতিয়া আৰু আই পি এফ টিৰ প্ৰেম কুমাৰ ৰিয়াং বিপ্লব কুমাৰ দেবৰ মন্ত্ৰীসভাত নাছিল। আনহাতে সাহাৰ মন্ত্ৰীসভাৰ পৰা বাদ পৰিল আই পি এফ টিৰ মিভিৰ কুমাৰ জামাতিয়াই।

আজি গঠন হোৱা নতুন মন্ত্ৰীসভাত শপতগ্ৰহণ কৰাৰ পিছতে সুশান্ত চৌধুৰীয়ে ‘নতুন কেবিনেটে প্ৰাক্তন মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবৰ অপূৰ্ণ হৈ ৰৈ যোৱা সপোনবোৰ বাস্তৱায়িত’ কৰিবলৈ চেষ্টা কৰিব বুলি কয়।

তেওঁ লগতে কয় যে আজি গঠিত মন্ত্ৰীসভাত কেৱল দুখন নতুন মুখ অন্তৰ্ভুক্ত কৰা হৈছে।

লগতে পঢ়ক – পুনৰ আলফা(স্বা)ত যোগদান সৰুপথাৰৰ যুৱকৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply