নিউজ ডেস্কঃ টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ পুনৰ এটা টুইটক লৈ বিতৰ্ক সৃষ্টি হৈছে। শেহতীয়াকৈ এলন মাস্কে জাপানৰ সন্দৰ্ভত এটা এনে টুইট কৰে, যিটো টুইটক লৈ এতিয়া ছচিয়েল মিডিয়াত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰদান কৰা পৰিলক্ষিত হৈছে।
এলন মাস্কে টুইটটোত লিখিছে- ‘স্পষ্টকৈ ক’বলৈ অলপ অসুবিধা হয়। যেতিয়ালৈকে জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ অধিক কৰাৰ বাবে কোনো ব্যৱস্থা লোৱা নহয়, তেন্তে এদিন জাপানে নিজৰ অস্তিত্ব হেৰুৱাই দিব। আৰু ই হ’ব সমগ্ৰ বিশ্বৰ বাবে এক অপূৰণীয় ক্ষতি।’

টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ এই টুইটটোৰ পাছতে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু ইয়াৰে অধিকাংশ লোকেই জাপান চৰকাৰক লক্ষ্য কৰি লৈ তীব্ৰ সমালোচনা কৰিছে।