নিউজ ডেস্কঃ টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে আজি এক ডাঙৰ ঘোষণা কৰে। তেওঁ আজি জনাই যে- টুইটাৰ কোম্পানী ক্ৰয় কৰাৰ সিদ্ধান্ত বৰ্তমান অস্থায়ী ৰূপে স্থগিত ৰখা হৈছে। এন মাস্কে কয় যে- স্পেম আৰু ভুৱা একাউন্টসমূহৰ বিষয়ক লৈ এই কোম্পানীটো ক্ৰয়ৰ সিদ্ধান্ত স্থগিত ৰাখিবলগীয়া হৈছে।
এটা টুইটাৰত এলন মাস্কে লিখিছে- ‘এই সিদ্ধান্ত অস্থায়ী ৰূপে স্থগিত ৰখা হৈছে কাৰণ স্পেম আৰু ভুৱা একাউন্ট গণনা কৰি তাৰ হাৰ মিলাবলৈ এতিয়াও বাকী আছে। এই হাৰ নিশ্চিতভাৱে ৫ শতাংশৰ তলত।’
উল্লেখ্য যে, যোৱা মাহত ছচিয়েল মিডিয়া কোম্পানী টুইটাৰে কোম্পানীটো এলন মাস্কক ৪৪ বিলিয়ন ডলাৰৰ বিনিময়ত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি ঘোষণা কৰিছিল। টুইটাৰৰ তৰফৰ পৰা কোৱা হৈছিল যে- যেতিয়ালৈকে এলন মাস্কৰ সৈতে কোম্পানীটো বিক্ৰীৰ সিদ্ধান্ত সম্পূৰ্ণকৈ সম্পন্ন নহয় তেতিয়ালৈকে বহু সমস্যা থাকিব।