নিউজ ডেস্কঃ বিশ্বৰ আটাইতকৈ জনপ্ৰিয় সামাজিক মাধ্যমৰ আন এটা হৈছে টুইটাৰ। আৰু এই টুইটাৰক পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তিগৰাকীয়ে ক্ৰয় কৰি লৈছে। ব্লুমবৰ্গৰ খবৰ অনুসৰি, সোমবাৰে টুইটাৰৰ বৰ্তমানেও মুখ্য কাৰ্যবাহী বিষয়া পদৰ দায়িত্ব বহন কৰি আছে পৰাগ আগ্ৰৱালে।

যোৱা কিছুদিনৰ পৰা পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কে টুইটাৰ পৰিচালনা কৰাৰ প্ৰক্ৰিয়াটোক লৈ অসন্তুষ্টি ব্যক্ত কৰি অহা পৰিলক্ষিত হৈছে। এটা কোম্পানী নতুন কোনো ব্যক্তিয়ে ক্ৰয় কৰাৰ পাছত তাৰ পৰিচালনা পদ্ধতি বা প্ৰক্ৰিয়া সলনি হোৱাতো সাধাৰণ কথা।

টুইটাৰ কোম্পানীটো ক্ৰয় কৰাৰ কিছু সময় পূৰ্বে এলন মাস্কে টুইট কৰিছিল। এই টুইটটোত এলন মাস্কে লিখিছিল- ‘মোক সমালোচনা কৰা সকলো ব্যক্তিয়ে এতিয়াও টুইটাৰ ব্যৱহাৰ কৰি থাকিব বুলি মই আশাবাদী…।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply