নিউজ ডেস্কঃ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ শংকা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। ৰাছিয়াৰ তৰফৰ পৰা ক্ৰীমিয়াত তেওঁলোকৰ সেনাৰ সামৰিক অনুশীলন আৰু সেনা বাহিনীক ঘূৰাই অনাৰ ঘোষণা কৰা হৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰাণলয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে- দক্ষিণ সেনা বেছৰ ইউনিটে নিজৰ সামৰিক অনুশীলন সম্পূৰ্ণ কৰিছে আৰু এতিয়া সেনা বাহিনীয়ে স্থায়ী ঠিকনালৈ ঘূৰি আহিবলৈ লৈছে।

ৰাছিয়াৰ নিউজ চেনেলসমূহতো এতিয়া দেশখনৰ সেনা বাহিনীৰ এটা ইউনিট স্থায়ী ঠিকনালৈ ঘূৰি অহা দেখা গৈছে। ইয়াৰ পূৰ্বে আমেৰিকা আৰু নাটোই প্ৰশ্ন কৰিছিল যে- ইয়াৰ কি প্ৰমাণ আছে যে ৰাছিয়াৰ সেনা বাহিনী ঘূৰি আহিছে। উল্লেখযোগ্য যে, ইউক্ৰেইনৰ সীমান্তত প্ৰায় ডেৰ লাখৰো অধিক ৰাছিয়াৰ সেনা জোৱান উপস্থিত হৈছিল, যাৰ ফলত আমেৰিকা আৰু পশ্চিমীয়া ৰাষ্ট্ৰসমূহ বহু চিন্তিত হৈ পৰিছিল।

ইফালে, মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউছত সাংবাদিকৰ আগত কয় – ‘যুদ্ধৰ আশংকা এতিয়াও অব্যাহত আছে। সেয়েহে মই বহু বাৰ কৈছো যে- ইউক্ৰেইনত থকা সকলো আমেৰিকাৰ নাগৰিকে সুৰক্ষিতভাৱে তাৰ পৰা ঘূৰি আহিব লাগে।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply