নিউজ ডেস্কঃ ঠিক বলীউডৰ চিনেমাৰ কায়দাৰ দৰেই! প্ৰেমিকাক ছাত্ৰাবাসৰ ভিতৰলৈ আনিবলৈ প্ৰেমিকে ল’লে এক অভিনৱ পন্থা যাতে নিশাৰ আন্ধাৰত কোনেও ধৰিব নোৱাৰে দুই প্ৰেমিক-প্ৰেমিকাক।কিন্তু কৰ্তৃপক্ষৰ চকুত ধূলি দি সাৰিব নোৱাৰিলে মহান প্ৰেমিক।

কৰ্ণাটকৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰাবাসত সংঘটিত হৈছে এই আজৱ ঘটনা।

ছাত্ৰজনে তেওঁৰ প্ৰেমিকাক ট্ৰলী বেগত ভৰাই লৈ মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল যাতে নিৰাপত্তাৰক্ষীয়ে সন্দেহ নকৰিব ইয়াত কোনো লোক আছে বুলি। ট্ৰলী বেগ লৈ গেট পাৰ হ’ব লওতেই সকলো প্ৰচেষ্টা ব্যৰ্থ হ’ল প্ৰেমিকৰ।

নিশা ডাঙৰ ট্ৰলীবেগৰ সৈতে ছাত্ৰজনক দেখি সন্দেহ উপজিল চতুৰ নিৰাপত্তাৰক্ষীৰ। বেগটোৰ ভিতৰত কি আছে চাবলৈ বিচাৰিলে নিৰাপত্তাৰক্ষীগৰাকীয়ে।

শিক্ষাৰ্থীজনে বেগটো দেখুৱাবলৈ সন্মত নোহোৱাত নিৰাপত্তাৰক্ষীজনে নিজেই ট্ৰলী বেগটোৰ চেইনডাল খুলি দিয়াৰ লগে লগে জোলোঙাৰ মেকুৰী ওলাই পৰিল। ট্ৰলী বেগৰ ভিতৰত সুন্দৰী যুৱতীক দেখি আচম্বিত নিৰাপত্তাৰক্ষী গৰাকী।

এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে মহাবিদ্যালয় কৰ্তৃপক্ষই দুয়ো গৰাকী শিক্ষাৰ্থীকে কলেজৰ পৰা নিলম্বন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply