নিউজ ডেস্ক: পাকিস্তানক পৰাস্ত কৰি ইংলেণ্ডে দ্বিতীয়বাৰলৈ T20 বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ দখল কৰে। দেওবাৰে অষ্ট্ৰেলিয়াৰ মেলবৰ্নত অনুষ্ঠিত ফাইনেলত ইংলেণ্ডে পাকিস্তানক ৫ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে।
ইংলেণ্ডে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় আৰু বেগী বলাৰ কুৰান আৰু লেগ স্পীনাৰ আদিল ৰাছিদে পাকিস্তানৰ বেটাৰসকলক অত্যন্ত চাপৰ মাজত ৰাখে। ফলত পাকিস্তানে ২০ অ’ভাৰত ৮টা উইকেটৰ বিনিময়ত মাত্ৰ ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়।
ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডে ৫টা উইকেটৰ বিনিময়ত এটা অ’ভাৰ বাকী থকা অৱস্থাত জয়ৰ লক্ষ্যত উপনীত হয়। ইংলেণ্ডৰ হৈ চেম কুৰানে ১২ ৰান দি ৩টা উইকেট দখল কৰাৰ বিপৰীতে বেটিঙত বেন ষ্টোকছে ৫২ ৰান কৰি অপৰাজিত হৈ থাকে।
উল্লেখযোগ্য যে কালিৰ মেচখনৰ লগতে গোটেই টোৰ্নামেন্টত দেখুওৱা সুন্দৰ প্ৰদৰ্শনৰ বাবে কুৰানক মেন অৱ দ্যা মেচৰ উপৰি ICC প্লেয়াৰ অৱ দ্যা টোৰ্নামেন্ট সন্মান প্ৰদান কৰা হয়।
লগতে পঢ়ক – মুখ্য মন্ত্ৰীয়ে শুভৰাম্ভ কৰিলে মিছন বসুন্ধৰা-২