যুদ্ধ বিধস্ত ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থী সকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বিদেশ মন্ত্ৰণালয়ে।
সোমবাৰে পুৱাই ইউক্ৰেইনত আবদ্ধ হৈ থকা ২৪৯ গৰাকী শিক্ষাৰ্থীক লৈ দিল্লীত উপস্থিত হৈছে বিমান। এই শিক্ষাৰ্থীসকলক ইউক্ৰেইনৰ পৰা ৰোমানিয়াৰ বুখাৰেষ্ট হৈ ভাৰতলৈ অনা হৈছে।
এয়াৰ ইণ্ডিয়াৰ এ আই ১৯৪২ বিমানখন সোমবাৰে পুৱা প্ৰায় ৬:৩০ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। এতিয়াও বহু ছাত্ৰ ছাত্ৰী ইউক্ৰেইনত আবদ্ধ হৈ আছে।
শেহতীয়াকৈ ইউক্ৰেইনে ৰাচিয়াৰ সৈতে আলোচনাত বহাৰ বাবে সন্মতি দিছে। আলোচনা কোনো চৰ্তৰ ভিতৰত হ’ব নোৱাৰিব বুলি ৰাষ্ট্ৰপতি জেলেনস্কীয়ে স্পষ্ট কৰিছে।