নিউজ ডেস্ক: হজৰত মহম্মদকলৈ বিতৰ্কিত মন্তব্য কৰি দলৰ পৰা নিলম্বিত হোৱা বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত দিল্লী আৰক্ষীয়ে অচিনাক্ত লোকৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে নূপুৰ শৰ্মাক দেওবাৰে দলৰ প্ৰাথমিক সদস্যপদৰ পৰা নিলম্বন কৰা হৈছিল, একেই কাৰণতে দলটোৱে দিল্লী বিজেপিৰ মিডিয়াৰ দায়িত্বত থকা নবীন কুমাৰ জিন্দালকো বহিষ্কাৰ কৰে।

যোৱা ৩ জুনত এটা টি ভি টকশ্ব’ত শৰ্মাই কৰা মন্তব্যৰ পিছতে কানপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈ ৪০ জনৰ অধিক লোক আহত হৈছিল। আনহাতে দলৰ পৰা নিলম্বন হোৱাৰ পিছত নুপুৰ শৰ্মাই তেওঁলৈ হত্যাৰ ভাবুকি অহা বুলি দাবী কৰিছে।

লগতে পঢ়ক – ‘জন সমৰ্থ’ পৰ্টেল মুকলি, যুৱপ্ৰজন্মই স্বাৱলম্বী হোৱাত সহায় হ’ব বুলি আশা ব্যক্ত প্ৰধানমন্ত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply