নিউজ ডেস্কঃ শুকুৰবাৰে এক ভয়াবহ বিস্ফোৰণত কপি উঠিল আফগানিস্তানৰ ৰাজধানী কাবুলৰ মূল ক্ৰিকেট ষ্টেডিয়াম।টি-২০ লীগ চলি থকাৰ সময়তে বিস্ফোৰণটো সংঘটিত হৈছিল, বিস্ফোৰণৰ ফলত চাৰিজনকৈ লোক আহত হয়।

আফগানিস্তানৰ ক্ৰিকেট ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী নচিব খানে কয় যে Shpageza লীগ দুটা দলৰ মাজত চলি আছিল,ঠিক তেনে সময়তে এক প্ৰচণ্ড বিস্ফোৰণত ষ্টেডিয়াম কপি উঠে। দুয়োটা দলৰ ক্ৰিকেটাৰসকলে সংশয়ত খেলপথাৰ এৰি বাংকাৰত আশ্ৰয় লৈছিল। এই ঘটনাত চাৰিজনলোক আহত হয়। আফগানিস্তানৰ ক্ৰিকেট ব’ৰ্ডৰ সদস্যসকল আৰু খেলুৱৈসকল সুৰক্ষিত অৱস্থাতে আছে।

বিস্ফোৰণৰ পিছত, খেল পথাৰত উপস্থিত এজন দৰ্শকে মাত্ৰ কেইছেকেণ্ড মানৰ এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল, যিটো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

কাবুলৰ এজন জেষ্ঠ্য আৰক্ষী বিষয়াই কৈছিল যে গ্ৰেণেড বিস্ফোৰণৰ ফলত খেলখন কিছু সময়ৰ বাবে স্থগিত কৰা হৈছিল যদিও পুনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰা হয়।

আফগানিস্তান ক্ৰিকেট বোৰ্ডে আই পি এলৰ আগমুহূৰ্তত Shpageza লীগ আৰম্ভ কৰে। ২০১৩ চনৰ পৰা এই লীগ আৰম্ভ কৰা হৈছিল। আৰম্ভণিতে এই লীগত পাঁচটা দলে অংশগ্ৰহণ কৰিছিল কিন্তু লাহে লাহে দলৰ সংখ্যা বৃদ্ধি হৈ বৰ্তমান মুঠ আঠটা দল হয়গৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply