নিউজ ডেস্কঃ তালিবানৰ দখলত এতিয়া আফগানিস্তান। তালিবানৰ আতংকত দেশ এৰি পলাবলৈ বাধ্য হৈছে আফগানিস্তানবাসী। ছ’চিয়েল মিডিয়াত আফগানিস্তানৰ অশান্ত জৰ্জৰ দৃশ্যই কম্পিত কৰিছে বিশ্ববাসীক।
এই পৰিস্থিতিত ফেচবুকে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সংস্থাটোৱে তালিবান আৰু তেওঁলোকৰ দ্বাৰা কৰা সকলো পোষ্ট বিলোপ কৰাৰ সিদ্ধান্ত লৈছে।
তালিবানে যিকোনো বাৰ্তা প্ৰচাৰ কৰিবলৈ সামাজিক মাধ্যম ব্যৱহাৰ কৰে। সেই দিশবোৰ বিবেচনা কৰি, ফেচবুকে তালিবানক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।
লগতে পঢ়কঃতালিবানৰ কোনটো চৰিত্ৰ সঁচা ইয়াকে লৈ এতিয়া চলিছে চৰ্চা
এই ক্ষেত্ৰত তালিবানৰ সৃষ্টি কৰা ফেচবুক একাউণ্টকে ধৰি যিসকলে তেওঁলোকক প্ৰশংসা, সমৰ্থন কৰে তেওঁলোকক নিষিদ্ধ কৰিব ফেচবুকে।
ইতিমধ্যে ইয়াৰ বাবে আফগানিস্তানৰ বিশেষজ্ঞসকলক লৈ এটা দল গঠন কৰা হৈছে।
ফেচবুকত এতিয়ালৈকে তালিবানৰ সমৰ্থনত কৰা সকলো পোষ্ট বিলোপ কৰিছে। যদি নতুনকৈ কিবা পোষ্ট কৰা হয়, তেন্তে তাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নী দিছে ফেচবুকে।