নিউজ ডেস্কঃ ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুক আৰু ইনষ্টাগ্ৰামে কনটেন্ট ক্ৰিয়েটৰসকলৰ বাবে মুকলি কৰিছে নতুন ফিচাৰ।
ফেচবুকে এটা ষ্টেটমেন্টত উল্লেখ কৰিছে যে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে কোম্পানীবোৰৰ সৈতে পাৰ্টনাৰশ্বীপ কৰি উপাৰ্জন কৰিব পাৰে।
ফেচবুকে কৈছিল, ‘আমি ক্ৰিয়েটৰসকলক সহায় কৰাৰ বাবে এটা নতুন পদক্ষেপ ঘোষণা কৰি আছো। এইটোৱে তেওঁলোকক আমাৰ প্লেটফৰ্মত তেওঁলোকৰ নিজৰ ব্যক্তিগত ব্ৰেণ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম কৰিব।’
ভাল কনটেন্ট বনোৱা ক্ৰিয়েটৰ্ছসকলক পুৰস্কৃত কৰাৰ বাবে নতুন স্কীম মুকলি কৰা হৈছে।
আনহাতে,ছচিয়েল মিডিয়া প্লেটফৰ্মৰ দ্বাৰা প্ৰভাৱিত আৰু সৃষ্টিকৰ্তাসকলক এতিয়া তেওঁলোকৰ ক্ৰয়ৰ বিনিময়তো পুৰষ্কাৰ প্ৰদান কৰা হ’ব।
ফেচবুকে ঘোষণা কৰিছে যে ক্ৰিয়েটৰ্ছসকলে কোম্পানীবোৰৰ সৈতে বুজাবুজি কৰিব পাৰে আৰু তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰি তেওঁলোকৰ অনুসৰণকাৰীসকলৰ পৰা ধন উপাৰ্জন কৰিব পাৰে।
তেওঁলোকে নিজৰ ভিডিঅ’ বোৰত চলা বিজ্ঞাপনৰ দ্বাৰাও উপাৰ্জন কৰিব পাৰিব।
আজিৰ পৰা নিৰ্বাচিত ক্ৰিয়েটৰসকলে ব্ৰেণ্ডৰ পৰা সামগ্ৰী টেগ কৰিব পাৰিব আৰু তেওঁলোকৰ সামগ্ৰীৰ বাবে শ্বপ টুল বাচনি কৰিব পাৰিব।
ইনষ্টাগ্ৰামে বৰ্তমান ইয়াক বেনিফিট, কোপাৰি, মেক, পেট মেকগ্ৰা লেবচ আৰু চেপোৰাকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰে আধাৰিতৰ সৈতে পৰীক্ষা কৰিব। পিছত অন্য দেশলৈও এই সুবিধা বিস্তাৰ কৰিবৰ বাবে অন্য ব্ৰেণ্ডৰ সৈতেও চামিল হ’ব। ফেচবুকৰ ক্ৰিয়েটৰসকলে ষ্টাৰ চেলেঞ্জ ব্যৱহাৰ কৰি পুৰস্কাৰ অৰ্জন কৰিব পাৰে। ফেচবুকে ষ্টাৰ্ছ চেলেঞ্জ (Star Challenges) মুকলি কৰিছে।
আৰু পঢ়কঃবিজেপি এৰি পুনৰ তৃণমূল কংগ্ৰেছলৈ উভতিল মুকুল ৰয়