নিউজ ডেস্ক : নাম সলনি কৰাৰ পৰিকল্পনা কৰিছে সামাজিক মাধ্যম প্লেটফ’ৰ্ম ফে’চবুকে। The Verge নামৰ এটা সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে অহা সপ্তাহৰ পৰা এটা নতুন নামেৰে ফে’চবুকে আত্মপ্ৰকাশ কৰিব।

The Verge -ত প্ৰকাশ পোৱা মতে অহা ২৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া কোম্পানিটোৰ বাৰ্ষিক সমাৰোহত ফে’চবুকৰ মুখ্য কাৰ্য্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ফে’চবুকৰ নাম সলনি কৰাৰ সন্দৰ্ভত আলোচনা কৰিব।

অৱশ্যে এই সম্পৰ্কত ফে’চবুকৰ ফালৰ পৰা এতিয়ালৈকে কোনো মতামত প্ৰকাশ কৰা নাই।

উল্লেখযোগ্য যে ফে’চবুকৰ শেহতীয়া ব্যৱসায়ীক কাম-কাজক লৈ কোম্পানিটোৰ ওপৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ চাপ বৃদ্ধি পোৱাৰ সময়তে প্লেটফ’ৰ্মটোৱে ইয়াৰ নাম সলনি কৰিবলৈ পৰিকল্পনা কৰা কঠাটো লক্ষণীয়।

প্ৰায় ৩ বিলিয়ন ইউজাৰ থকা ফে’চবুকে virtual reality (VR) আৰু augmented reality (AR)-ৰ ক্ষেত্ৰখনত যথেষ্ট বিনিয়োগ আৰম্ভ কৰিছে। মঙলবাৰে কোম্পানিটোৱে অহা ৫ বছৰত ইউৰোপিয়ান ইউনিয়নত ১০,০০০ চাকৰি সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে বুলি ঘোষণা কৰিছে।

লগতে পঢ়ক –ডাউন টাউনৰ নিৰ্মীয়মান উৰণীয়া সেঁতুৰ দুয়োপাৰে ৰঙৰ মেলা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply