নিউজ ডেস্কঃ সোমবাৰে সন্ধিয়া ৯ বজাৰ পৰা পুৱতিনিশা ৩ বজালৈকে স্তব্ধ হৈ পৰিল ফেচবুক, ৱাটচএপ, ইনষ্ট্ৰাগ্ৰাম। কোম্পানীটোৱে এই সমস্যাৰ বাবে ব্যৱহাৰকাৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে। 

প্ৰায় ৬ঘন্টা স্তব্ধ হৈ থকাৰ পাছত লাখ লাখ টকাৰ ক্ষতি হোৱাৰ কথা জানিবলৈ দিছে ব্যৱহাৰীকাৰীসকলে। মাৰ্ক জুকাৰবাৰ্গৰ ৭ বিলিয়ন ডলাৰ ক্ষতি হৈছে। সেইদৰে সমগ্ৰ বিশ্বত ১৬০ মিলিয়ন ডলাৰ ব্যৱসায়িক ক্ষতি হৈছে।

এই ক্ষতিৰ পিছতেই  ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সত বিশ্বৰ ধনী লোক সকলৰ তালিকাত এটা স্থানৰ পৰা অৱনমিত হ’ল মাৰ্ক জুকাৰৰ্বাগ। জুকাৰবাৰ্গ এখোজ পিছুৱাই গৈ মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছতকৈ এটা স্থান তললৈ আহে।

এই তিনিটা ছচিয়েল মিডিয়া প্লেটফৰ্মেই বন্ধ হৈ পৰাৰ পাছত টুইটাৰত ব্যৱহাৰকাৰীসকলে ক্ষোভ উজাৰে।

অৱশেষত ব্যৱহাৰকাৰীসকলৰ স্বস্তি আনি কাৰ্যক্ষম হৈ পৰিছে এই এপ তিনিটা।

উল্লেখ্য , ভাৰতত ৪১কোটি লোকে ফেচবুক ব্যৱহাৰ কৰে। আনহাতে ৱাটছএপৰ বজাৰখন ভাৰতত বহু বিশাল। কাৰণ ভাৰতত প্ৰায় ৫৩ কোটি লোকে ৱাটছএপ মেজেঞ্জাৰ ব্যৱহাৰ কৰে। ভাৰতত ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় ২১ কোটি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply