নিউজ ডেস্ক: চৰকাৰী প্ৰেছ এজেঞ্চী (পিআইবি)-এ সতৰ্ক কৰি দিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নামত এটা ভুৱা অধিসূচনা জাৰি কৰা হৈছিল য’ত হিতাধিকাৰীক ৪.৫৯ কোটি টকা আগবঢ়োৱাৰ দাবী কৰা হৈছিল।
“ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নামত জাৰি কৰা এক #Fake জাননীত হিতাধিকাৰীসকলক ৪ কোটি ৫৯ লাখ টকা আগবঢ়োৱাৰ দাবী কৰা হৈছে,” পিআইবি ফেক্ট চেক (@PIBFactCheck)য়ে বুধবাৰে টুইট কৰে।
‘হিতাধিকাৰী’সকলক সম্বোধন কৰা ভুৱা অধিসূচনাত কোৱা হৈছে, “ব্ৰিটিছ চৰকাৰে বহন কৰা বিগত সংস্কৰণৰ ইমেইল/এছএমএছ বঁটা পৰিশোধৰ বাবে শেহতীয়া অনুসূচীত আপোনাক হিতাধিকাৰী হিচাপে তালিকাভুক্ত কৰা হৈছিল।”
ইয়াত উল্লেখ কৰা হৈছে যে হিতাধিকাৰীৰ একাউণ্টত ৪.৫৯ কোটি টকা জমা কৰা হ’ব আৰু ইয়াৰ বাবে তেওঁ পেন/ভোটাৰ কাৰ্ডৰ প্ৰতিলিপিসহ ব্যক্তিগত আৰু বেংকৰ বিৱৰণ দিব লাগিব।
পি আই বি-য়ে ভুৱা অধিসূচনাৰ বিৰুদ্ধে সতৰ্ক কৰি লগতে কয়, “@RBI এনে কোনো পে’মেন্ট/পুঁজি প্ৰদান নকৰে। RBI-এ কেতিয়াও ব্যক্তিগত তথ্য বিচাৰি কেতিয়াও ফোন বা ইমেইল প্ৰেৰণ নকৰে।”
লগতে পঢ়ক – ‘যৌন নিৰ্যাতন’ৰ বিকল্প ‘মিষ্টাৰ গগৈ’! মহুৱা মৈত্ৰৰ টুইটকলৈ ব্যাপক প্ৰতিক্ৰিয়া