সোণাৰি : লাইলাপুৰৰ পাছত এইবাৰ চৰাইদেউ নেকি ? মিছা বাতৰি প্ৰচাৰৰ জৰিয়তে অসম আৰক্ষীৰ বিৰুদ্ধে অৰুণাচলীৰ ব্লুপ্ৰিণ্ট। শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চৰাইদেউ জিলাত।
অসম আৰক্ষী বেটেলিয়নৰ এটা বৃহৎ দলে চৰাইদেউ জিলাৰ গাতে লাগি থকা অৰুণাচলৰ লংডিং জিলাৰ কাণুবাৰীত উপস্থিত হৈ কোনো বাচ–বিচাৰ নকৰাকৈ অৰুণাচলীসকলে ৰোপণ কৰা ধান খেতিসমূহ নষ্ট কৰা বুলি বাতৰি পৰিৱেশন কৰিছে অৰুণাচলৰ পৰা প্ৰকাশিত সংবাদ মাধ্যমত।
অসম আৰক্ষীৰ বিৰুদ্ধে উঠা এই অভিযোগক নসাৎ কৰিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ কাণুবাৰী ৰাজহ চক্ৰৰ অধীনৰ লংখোজান গাঁৱৰ খেতিপথাৰ অসম আৰক্ষীৰ বেটেলিয়নে ১৯ জুলাই তাৰিখে নষ্ট কৰা বুলি অভিযোগ উত্থাপন কৰি অৰুণাচল টাইমছ কাকতত প্ৰকাশিত হৈছিল। এই বাতৰিৰ পাছতেই আজি এক সংবাদ মেল যোগে এই বাতৰি অস্বীকাৰ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।
উক্ত বাতৰিটো প্ৰকাশৰ পিছতে কাণুবাৰীত এই সন্দৰ্ভত অনুসন্ধান কৰি চৰাইদেউ জিলাৰ সীমান্তৰ কাণুবাৰীত এনে ঘটনা সংঘটিত হোৱা নাই বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। এই সন্দৰ্ভত কাণুবাৰীৰ আৰক্ষী অধীক্ষকৰ লগত আলোচনা কৰা লগতে অসম-অৰুণাচল প্ৰদেশৰ সম্প্ৰকৰ্ত যাতে কোনোৱে কেৰোণ লগা নোৱাৰে তাৰ বাবে অৰুণাচল প্ৰদেশ প্ৰশাসনক আহ্বান জনায়। আনহাতে সীমান্তবৰ্তী ৰাইজক শংকিত নহবলৈও আহ্বান জনাইছে চৰাইদেউ আৰক্ষী অধীক্ষক গৰাকীয়ে।
লগতে পঢ়ক লতাশিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলিল হাজোৰ এগৰাকী মহিলাৰ ঘৰত