নিউজ ডেস্কঃ বিতৰ্কত সোমাই পৰিছে Farhan Akhtar আৰু Ritesh Sidhwaniৰ Production house এক্সেল এন্টাৰটেইনমেন্ট। এই Production house টোৱে বকেয়া ধন পৰিশোধ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এক্সেল এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত জনপ্ৰিয় ৱেব ছিৰিজ ‘মিৰ্জাপুৰ৩’ শ্বুটিং চলি আছে। Production houseটোত কৰ্মৰত শ্ৰমিকসকলৰ দৈনিক মজুৰী ২০-২৫ লাখ টকা পৰিশোধ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।The Film Studios Setting & Allied Mazdoor Union দাবী কৰিছে যে Production house টোৱে শ্ৰমিক নিয়োগ কৰিছে কিন্তু ২০২২ চনৰ মে’ মাহৰ পৰা তেওঁলোকক মজুৰি দিয়া নাই। এক্সেল এন্টাৰটেইনমেন্টৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি The Film Studios Setting & Allied Mazdoor Unionৰ পত্ৰত লগতে কোৱা হৈছে যে শ্ৰমিকসকলক শ্ৰম আইনৰ অনুসৰি অনুমোদিত সময়তকৈ অধিক সময় কাম কৰিবলৈ বাধ্য কৰা হৈছে। এফএছএছএএমইউৰ সাধাৰণ সম্পাদক গংগেশ্বৰলাল শ্ৰীবাস্তৱে কয় যে তেওঁলোকে পত্ৰখন দাখিল কৰা পিছত এক্সেল এন্টাৰটেইনমেন্টয়ে ৪৮ঘণ্টাৰ ভিতৰত প্ৰাপ্য আদায় কৰিব বুলি উল্লেখ কৰিছে।

এই বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এক্সেল এণ্টাৰটেইনমেণ্টে এক বিবৃতিত কয়, “ইউনিয়নে উত্থাপন কৰা এনে অভিযোগৰ বিষয়ে আমাক প্ৰথমবাৰৰ বাবে অৱগত কৰা হৈছে। আমি এইটোও জনাব বিচাৰো যে এই সন্দৰ্ভত এফএছএছএএমইউৰ ফালৰ পৰা আমি কোনোধৰণৰ পত্ৰ, ই-মেইল বা ফোনকল পোৱা নাই। এক্সেলৰ অধীনত বৰ্তমান সাতৰ পৰা আঠটা project আছে আৰু এই projectবোৰৰ কোনোটোতে কোনো ধনৰ লেনদেনৰ সমস্যা নাই। আমি ২২ বছৰ ধৰি এই ব্যৱসায়ত আছোঁ, আমি কেতিয়াও ধন পৰিশোধৰ ক্ষেত্ৰত অভিযোগ পোৱা নাই। এক্সেলে শ্ৰমিকসকলক পোনপটীয়াকৈ দৈনিক মজুৰি পৰিশোধ কৰো। আমি আমাৰ ফালৰ পৰা এই বিষয়টো ভালদৰে অনুসন্ধান কৰিম। আমি এইটো উল্লেখ কৰিব বিচাৰো যে সকলো সহযোগীক সমান সন্মান আৰু মৰ্যাদা দিয়াৰ ক্ষেত্ৰত এক্সেলৰ যথেষ্ট খ্যাতি আছে। “

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,462 other subscribers

Leave a comment

Leave a Reply Cancel reply