নিউজ ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিলে। কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে কৃষক নেতা ৰাকেশ টিকাইতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শীঘ্ৰে কৃষক আন্দোলন প্ৰত্যাহাৰ কৰা নহ’ব বুলি ঘোষণা কৰিলে কৃষক নেতা ৰাকেশ টিকাইতৰ ।

শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰি কৃষক সকলক আন্দোলনৰ অন্ত পেলাবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীয়ে কৃষক সকলক খেতি পথাৰলৈ আৰু নিজৰ নিজৰ পৰিয়ালৰ মাজলৈ উভতি যোৱাৰ আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ পিছতে কৃষক নেতা ৰাকেশ টিকাইতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আন্দোলন শীঘ্ৰে সমাপ্ত নহয়। তিনি কৃষি আইন সংসদত বাতিল নকৰা পৰ্যন্ত আমি অপেক্ষা কৰিম বুলিও কয় কৃষক নেতা ৰাকেশ টিকেটে। চৰকাৰে কৃষক সকলক নূন্যতম সমৰ্থন মূল্য আৰু কৃষক সকলৰ অন্যান্য সমস্যা সমূহক লৈ আলোচনা কৰাৰ কথাও উল্লেখ কৰে ৰাকেশ টিকাইতে।

লগতে পঢ়ক : অৱশেষত দেশৰ কৃষকৰ জয় : প্ৰত্যাহাৰ কৰিলে তিনি কৃষি আইন

উল্লেখ্য যে মোদী চৰকাৰৰ তিনি কৃষি আইনৰ বিৰুদ্ধে বিগত এবছৰ ধৰি দেশৰ কৃষক সকলে বিৰোধিতা কৰি আহিছে। এবছৰ ধৰি কৃষক সকলে তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ দাবীত আন্দোলন কৰি আছে। অৱশেষত দেশৰ কৃষক সকলৰ আন্দোলনৰ ওচৰত পৰাজয় স্বীকাৰ কৰি চৰকাৰে কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply