নিউজ ডেস্কঃ কৃষিভূমি আৰু ফচল নষ্ট হোৱাৰ পাছত ক্ষতিপূৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকৰ এটা দলে পঞ্জাৱত ১২ গৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীক বন্দী কৰে। পঞ্জাৱৰ মুফতসৰ জিলাৰ লাম্বীত সংঘটিত হৈছে এই ঘটনা।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, একাংশ প্ৰতিবাদকাৰীয়ে এই বিষয়া-কৰ্মচাৰী কেইজনক বন্দী কৰি ৰাখে। আৰু অৱশেষত আৰক্ষীৰ সহায়ত সোমবাৰে মাজনিশা তেওঁলোকক মুক্ত কৰা হয়।
পিংক বলৱাৰ্ম প্ৰজাতিৰ পতংগই তেওঁলোকৰ ফচল নষ্ট কৰাৰ পাছতে ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে সাংবাদিকৰ আগত কয় যে- প্ৰায় ১০০ গৰাকী কৃষকৰ এটা দলে সোমবাৰে সন্ধিয়া উপ-তহচিলৰ কাৰ্যালয়ত প্ৰৱেশ কৰে আৰু বিষয়া-কৰ্মচাৰী কেইজনক বন্দী কৰি ৰাখে। আৰু অৱশেষত আৰক্ষী আৰু প্ৰশাসনৰ লোকে তেওঁলোকৰ দাবীৰ সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত কৰাৰ আশ্বাস দিয়াতহে বিষয়া-কৰ্মচাৰী কেইজনক এৰি দিয়ে কৃষকসকলে।