নিউজ ডেস্ক : কৃষক সকলৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২৯ নৱেম্বৰৰ সংসদলৈ ট্ৰেক্টৰ যাত্ৰা বাতিল কৰিলে কৃষক সকলে। শনিবাৰে কৃষক সকলৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্তমানলৈকে কৃষক সকলে ট্ৰেক্টৰ যাত্রা বাতিল কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।
শনিবাৰে সিন্ধু আৰু টিকৰী সীমান্তত কৃষক সকলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হয়। বৈঠকত কৃষক সকলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। কৃষক সকলে এই বৈঠকত ২৯ নৱেম্বৰৰ সংসদলৈ ট্ৰেক্টৰ যাত্ৰা কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে তিনিখন কৃষি আইন বাতিলৰ দাবীত দেশৰ কৃষক সকলে বিগত প্ৰায় এবছৰ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে। কৃষক সকলৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন তিনিখন বাতিল কৰাৰ ঘোষণা কৰে। সংসদৰ শীতকালীন অধিৱেশনত কৃষি আইন তিনিখন বাতিলৰ প্ৰক্ৰিয়া গ্ৰহণ কৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন বাতিল কৰাৰ ঘোষণা কৰাৰ পিছতো কৃষক সকলে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি ঘোষণা কৰিছিল। সংসদৰ কৃষি আইন বাতিলৰ লগতে কৃষক সকলৰ অন্যান্য দাবী সমুহকলৈ চৰকাৰে আলোচনা নকৰা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ ঘোষণা কৰিছিল কৃষক সকলে।
লগতো পঢ়ক : নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব অসম মাধ্যমিক শিক্ষা পৰিষদে
ইয়াৰ মাজতে শনিবাৰে কৃষক সকলে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি সংসদলৈ ট্রেক্টৰ যাত্ৰা কাৰ্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সংসদলৈ ট্রেক্টৰ যাত্ৰা কৃষক সকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যান্যত কাৰ্যসূচী। অৱশ্যে এই সন্দৰ্ভত বর্তমানলৈকে কৃষক সকলে আনুষ্ঠানিক ঘোষণা কৰা নাই।