নিউজ ডেস্ক : কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি দেশৰ বিভিন্ন কৃষক সংগঠনৰ। ৪০ টা কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চ সংযুক্ত কিষাণ মৰ্চা (এছ কে এম)-ই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায়।

উক্ত সিন্ধান্তক আদৰণি জনাই সংযুক্ত কিষাণ মৰ্চাই চৰকাৰৰ শেহতীয়া সিদ্ধান্তৰ ওপৰত পৰ্য্যালোচনাৰ বাবে শীঘ্ৰে এখন আলোচনাত মিলিত হৈ পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

এক প্ৰেছ বিজ্ঞপ্তি যোগে সংযুক্ত কৃষক মৰ্চাই কয়, ‘সংযুক্ত কৃষক মৰ্চাই এই সিদ্ধান্তক আদৰণি জনাইছে আৰু সংসদত ইয়াক ঘোষণা কৰাক লৈ অপেক্ষা কৰিব।’

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক সম্বোধন কৰি তিনি কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।

অহা বছৰ পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি চৰ্চা চলিছে। পাঞ্জাৱ আৰু উত্তৰ প্ৰদেশ কৃষি প্ৰধান ৰাজ্য আৰু এই দুখন ৰাজ্যত যাতে বিজেপিয়ে মুখ ঠেকেচা খাব লগীয়া নহয় ইয়াৰ বাবেই কৃষি আইন পত্যাহৰ কৰাৰ সিদ্ধান্ত লৈছে বুকিও এতিয়া চৰ্চা আৰম্ভ হৈছে।

লগতে পঢ়ক : আন্দোলন শীঘ্ৰে প্ৰত্যাহাৰ কৰা নহ’ব : ৰাকেশ টিকাইত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply