নিউজ ডেস্কঃ দেশত কৰোনাই পুনৰ ভয়াবহ ৰূপত আগবাঢ়িছে।
জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে জ্যেষ্ঠ ৰাজনৈতিক নেতা জন কিছুদিনৰ আগতে কৰোণাত আক্ৰান্ত হৈছিল।
পুত্ৰ ওমৰ আব্দুলাই শনিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কথা প্ৰকাশ কৰিছে।
শেহতীয়া তথ্য মতে শুকুৰবাৰে ভাৰতত নতুনকৈ কৰোণাত আক্ৰান্ত হোৱা ৮৯,১২৯ টা তথ্য পোহৰলৈ আহিছে। যোৱা ২৪ ঘন্টাত দেশত ৭১৪ জনৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।
দিনকদিনে ভয়াবহ ৰূপ লোৱাৰ বাবে উৰিষ্যা চৰকাৰে ৰাজ্যখনৰ ১০ খন জিলাত নিশা ১০ বজাৰ পৰা ৫ বজালৈকে সান্ধ্যআইন জাৰি কৰিছে।
অন্ধ্ৰপ্ৰদেশতো নতুনকৈ আক্ৰান্ত হৈছে ১৩৯৮ জন। যোৱা ২৪ ঘন্টাত ইয়াৰে ৯ জনৰ ইতিমধ্যে মৃত্যু হৈছে।
দিল্লীৰ চেণ্ট ষ্টিফেন কলেজৰ ১৭ ছাত্ৰ-কৰ্মচাৰীৰো দেহত কোভিডত আক্ৰান্ত হৈছে। ইয়াৰে ১৩ জন শিক্ষাৰ্থী আৰু চাৰিজন কৰ্মচাৰীক শুকুৰবাৰে পৰীক্ষা কৰা হৈছিল আৰু তাৰপিছত কৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ফলত চৌহদত কঠোৰ COVID-19 প্ৰট’কল প্ৰয়োগ কৰা হৈছে।