নিউজ ডেস্কঃ বাংলাদেশৰ এটা ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅটোত দেখা গৈছে যে এখন প্ৰকাণ্ড জাহাজে পানীত এখন সৰু ফেৰীত খুন্দা মাৰে। এই দুৰ্ঘটনাত প্ৰায় ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০জনৰো অধিক লোক নিৰুদ্দেশ হৈ আছে।

দেওবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাৰ সমীপৰ সীতালক্ষ্যা নদীত এমভি ৰূপশী-৯ কাৰ্গো জাহাজখনে খুন্দা মাৰে এম ভি অফছাৰুদ্দিন নামৰ ফেৰীখনত। ভিডিঅটোত দেখা গৈছে যে, জাহাজখনে বহু দূৰলৈ পানীত ফেৰীখনক ঠেলি লৈ যায় আৰু অৱশেষত জাহাজখনৰ তলত সোমাই পৰে ফেৰীখন।

জাহাজখনে খুন্দা মৰাৰ পাছত প্ৰাণৰক্ষাৰ বাবে ফেৰীখনৰ পৰা পানীত জঁপিয়াই কেইবাজনো লোকে। অৱশ্যে কিমানজন লোকে প্ৰাণ হেৰুৱাইছে বৰ্তমানলৈ সেই সংখ্যা সঠিকভাৱে স্থানীয় আৰক্ষী তথা উদ্ধাৰকাৰী দলৰ পৰা জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply