নিউজ ডেস্ক : বুধবাৰে পুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে হিন্দী ছবি জগতৰ বিখ্যাত অভিনেতা দিলীপ কুমাৰ। ট্রেজেদী কিং হিচাপে জনাজাত ৯৮ বছৰীয়া দিলীপ কুমাৰ দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল। বুধবাৰে মুম্বাইৰ খাৰ হিন্দুজা হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰকীয়ে।

১৯৪৪ চনত ‘জোৱাৰ ভাটা’ নামৰ ছবিখনৰ জৰিয়তে হিন্দী ছবি জগতত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰা দিলীপ কুমাৰ বহু ছবিত অভিনয় কৰিছিল। অভিনেতা গৰাকীয়ে অভিনয় কৰা কেইখনমান বিশেষ ছবিয়ে তেওঁক ‘ট্ৰেজিদী কিং’ হিচাপে জনপ্ৰিয় কৰি তুলিছিল। দিলীপ কুমাৰৰ কেইখনমান উল্লেখযোগ্য ছবিৰ ভিতৰত আছে দাগ, মোগল-এ-আজম, নয়া দৌৰ, মাধুমতী আদি।

১৯৫২ চনত মুক্তি লাভ কৰা দাগ ছবিখনৰ অভিনয়ৰ বাবে দিলীপ কুমাৰে প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল। এই ছবিখনত দিলীপ কুমাৰৰ বিপৰীতে অভিনয় কৰিছিল নিম্মী। ভাৰতীয় ছবি জগতৰ আইকনিক ছবি মোগল-এ-আজম দিলীপ কুমাৰৰ অভিনয় জীৱনৰ অন্যতম শ্ৰেষ্ঠ ছবি। ১৯৬০ চনত মুক্ত লাভ কৰা এই ছবিখনত দিলীপ কুমাৰৰ অভিনেত্ৰী আছিল মধুৱালা।

মোগল-এ-আজম ছবিখনত দিলীপ কুমাৰ ৰাজকুমাৰ চেলিমৰ ভূমিকাত অভিনয় কৰিছিল। মধুৱালা আছিল অনাৰকলিৰ ভূমিকাত। ৰজা অকবৰক এই ছবিখনত নিজৰ অভিনয়ৰ জৰিয়তে জীৱন্ত কৰি তুলিছিল অভিনেতা পৃথিৱীৰাজ কপুৰ। ১৯৫৭ চনৰ বি আৰ চোপ্ৰাৰ ছবি নয়া দৌৰত দিলীপ কুমাৰৰ অভিনেত্ৰীৰ ভূমিকাত আছিল সেই সময়ৰ শীৰ্ষত থকা অভিনেত্ৰী বেজয়ন্তী মালা।

দিলীপ কুমাৰ আৰু বেজয়ন্তী মালাই একেলগে অভিনয় কৰা বহু হিট ছবি আছে যদিও ১৯৫৮ চনত বিমল ৰায়ৰ মাধুমতী ইয়াৰ অন্যতম। দিলীপ কুমাৰে প্ৰযোজনা কৰা এজমাত্ৰ ছবিখন হৈছে ১৯৬১ চনত নয়া দৌৰ ছবিখন। এই ছবিখনত দিলীপ কুমাৰ অভিনয়ক অভিনেতা গৰাকীৰ শ্ৰেষ্ঠ অভিনয় বুলি গণনা কৰা হয়।

লগতে পঢ়ক : কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ, সৰ্বানন্দ সোনোৱালৰ অন্তভুক্তিৰ ইংগিত

দিলীপ কুমাৰে অভিনয় কৰা ১৯৫৫ চনত মুক্তি লাভ কৰা দেৱদাস ছবিখন অন্যতম উল্লেখযোগ্য ছবি। মহানায়ক অমিতাভ বচ্চন আৰু ট্রেজেদী কিং দিলীপ কুমাৰ প্ৰথমবাৰৰ বাবে একেলগে অভিনয় কৰা ছবিখন হৈছে ১৯৮২ চনত মুক্তি লাভ কৰা শক্তি। অভিনেতা দিলীপ কুমাৰে অভিনয় কৰা অন্তিমখন ছবি আছিল কিলা। ১৯৯৮ চনত মুক্তি লাভ কৰিছিল এই ছবিখন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply