২০১৯ৰ এছিয়ান চেম্পিয়ন হ’লেও কাটাৰ এই মেচখন হোৱাৰ আগতেই আছিল আণ্ডাৰডগ৷ তাৰ কাৰণ, ইকুৱেডৰৰ শেহতীয়া ফৰ্ম ৷ মনত ৰখা ভাল, দক্ষিণ আমেৰিকাৰ প্ৰথম চাৰিটা দলৰ ভিতৰত নিজৰ স্থান তৈয়াৰ কৰা সহজ নহয়৷ কিন্তু কোৱালিফায়াৰ্ছত দুই টুৰ্নামেণ্ট ফেভাৰিট ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰে ড্ৰ কৰাৰ লগতে উৰুগুৱেক হৰুওৱাৰ ৰেকৰ্ড আছে দেশখনৰ৷

চিলিৰ দৰে দেশৰ সলনি এইবাৰ লেটিন আমেৰিকাৰ কঠোৰ আৰু সংঘবদ্ধ ফুটবলৰ নমুনা লৈ আহিছে দেশখনে৷ গতিকে কাটাৰৰ আফ্ৰিকান মূলৰ খেলুৱৈৰ প্ৰাধান্য থাকিলেও ইকুৱেডৰ সদায়ে কঠিন প্ৰতিপক্ষ৷
খেলৰ প্ৰথম মিনিটৰ পৰাই গুণগত মানৰ পাৰ্থক্য স্পষ্ট আছিল ৷ অভিজ্ঞ ফৰৱাৰ্ড এন্নাৰ ভেলেঞ্চিয়াই কাটাৰৰ ৰক্ষণ বাৰে বাৰে ভেদ কৰিছিল। ইকুৱেডৰে মুঠেও বল নিজৰ দখলত ৰখাৰ সুযোগ দিয়া নাছিল কাটাৰক ৷

৪-৪-২ ফৰ্মেচনত খেলা দলটোৱে কাটাৰৰ মিডফিল্ড আৰু ৰক্ষণক তুমুল প্ৰেছিং গেম খেলি বাৰে বাৰে ভুল কৰিবলৈ বাধ্য কৰিছিল ৷ মিডফিল্ড চম্ভালা কাইচেডো আৰু মেণ্ডেজে ৰচনা কৰা আক্ৰমণক নিজৰ গতি আৰু অ’ভাৰলেপেৰে দুয়ো উইঙত ইবাৰা আৰু প্লাটাৰ লগতে উইং বেক ইষ্টুপিনান আৰু প্ৰেচিয়াডোৱে অনায়াসে আগুৱাই নিছিল৷ তাৰ সহায়ত বক্সৰ ভিতৰত দুই ফৰৱাৰ্ড এষ্ট্ৰাডা আৰু ভেলেঞ্চিয়াই আতংকৰ সৃষ্টি কৰিছিল ৷
ভেলেঞ্চিয়াৰ প্ৰথম গ’লটো ভিডিঅ’ এছিছষ্টেন্ট ৰেফাৰীয়ে বাতিল কৰাটো প্ৰথম দৃষ্টিত অন্যায় যেন লাগিলেও পিছত ওলোৱা ফুটেজত দেখা যায় যে ভেলেঞ্চিয়ালৈ বলটো ফেলিক্স টৰেছে লব্ কৰাৰ সময়ত আনজন ফৰৱাৰ্ড এষ্ট্ৰাডা কাটাৰৰ এখন ৰক্ষণ লাইনৰ সামান্য আগত অফ্ছাইড পজিচনত আছিল।

যি কি নহওঁক তুৰস্কৰ ক্লাব ফেনেৰবাচ্চিৰ ষ্ট্ৰাইকাৰ ভেলেঞ্চিয়াই এনেয়ো গ’ল পোৱাটো নিশ্চিত আছিল ৷ তেওঁক কাটাৰৰ ৰক্ষণ বিভাগে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰু সেইবাবেই কাটাৰৰ গ’লকীপাৰ আল শ্বীবে দৃষ্টিকটুভাৱে ফাউল কৰিবলৈ বাধ্য হৈছিল৷ মেণ্ডেজৰ ৰক্ষণ ছিৰাছিৰ কৰা থ্ৰু বল ভেলেঞ্চিয়াই ডজ কৰি গ’লৰ দিশে নিয়াৰ পাছত ফাউল কৰাৰ বাদে শ্বীবৰ উপায়ো নাছিল।
দ্বিতীয় গ’লটোও চাইচেডোৱে কাটাৰৰ হাফ ফালি লোৱা পজিচনিঙৰ হোৱা৷ প্ৰথম থ্ৰুবল ব্লক হ’লেও কাটাৰৰ ৰক্ষণ ফালি গৈছিল ৷ তেওঁ পুনৰ সোঁ দিশত থকা ৰাইটবেক প্ৰিচিয়াডোক বল ঠেলি দিয়ে আৰু প্ৰেচিয়াডোৱে এটা সুন্দৰ ক্ৰছ বক্সলৈ আগুৱাই দিয়ে ৷ তাক হেডেৰে কাৰ্যকৰী কৰাত ভেলেঞ্চিয়াই অকণো ভুল নকৰিলে৷ দ্বিতীয় হাফত ভেলেঞ্চিয়াৰ অনুপস্থিতিৰ বাবে ইকুৱেডৰৰ আক্ৰমণ সফল হোৱা নাছিল ৷ কাটাৰেও অৱশ্যে দুটা নিশ্চিত গ’ল স্কৰ কৰাৰ সুযোগ পাইছিল।
পূৰ্বানুমান: কাটাৰৰ বিদায় প্ৰায় নিশ্চিত৷ ইকুৱেডৰৰ শক্তিৰ প্ৰকৃত পৰীক্ষা হলেণ্ড আৰু ছেনেগালৰ বিৰুদ্ধে হ’ব যদিও ৰাউণ্ড অব্ ছিক্সটিনৰ বাবে কোৱালিফাই কৰা দুটা দলৰ মাজত থকাৰ সকলো বাৰুদ দলটোৰ আছে৷
লগতে পঢ়ক – মার্কিন আলোচনী L’officiel-ত ফেশন ডিজাইনাৰ সংযুক্তা দত্তৰ পোছাকত মডেল