নিউজ ডেস্কঃ যিমানেই তথ্য-প্ৰযুক্তিৰ দিশে মানুহ আগবাঢ়িছে, সিমানেই যেন অপৰাধৰ সংখ্যাও বৃদ্ধি পাই গৈ আছে। এইবাৰ বলিউডৰ এগৰাকী জনপ্ৰিয় প্ৰযোজকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি লুটি নিয়া হ’ল প্ৰায় ৪ লাখ টকা। এএনআইৰ খবৰ অনুসৰি, বলিউডৰ প্ৰযোজক বনী কাপুৰৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি প্ৰবঞ্চনাৰে এই ধন হৰলুকী কৰা ঘটনা সংঘটিত হৈছে।
প্ৰযোজক গৰাকীয়ে দিয়া গোচৰ অনুসৰি, তেওঁৰ একাউন্টাৰ পৰা ৫বাৰ প্ৰবঞ্চনামূলক লেনদেন কৰা হৈছে, য’ত প্ৰবঞ্চকে ৩.৮২ লাখ টকা লুন্ঠন কৰে। উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত মুম্বাইৰ আম্বোলী আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।
জানিব পৰা মতে, বনী কাপুৰে এই ধন উলিয়াই নিয়া বুলি অৱগত হোৱা পাছত তেওঁ বেংকৰ বিষয়াৰ সৈতে সোধ-পোছ কৰিছিল। তাৰপাছত তেওঁ কাষ চাপে মুম্বাইৰ আৰক্ষীৰ ওচৰত। গুৰুগ্ৰামৰ এটা কোম্পানীৰ একাউন্টলৈ এই ধনৰ লেনদেন হৈছে বুলি জানিব পৰা গৈছে।