নিউজ ডেস্ক: দিল্লী আৰক্ষীয়ে যৌন নিৰ্যাতনৰ অভিযোগত ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি আজি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি উচ্চতম ন্যায়ালয়ত জানিবলৈ দিয়ে। ২১ এপ্ৰিলত, এগৰাকী নাবালকসহ সাতগৰাকী মহিলা মল্লযোদ্ধাই ব্ৰিজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল কিন্তু তেতিয়া দিল্লী আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰা হোৱা নাছিল। যাৰ বাবে পৰৱৰ্তী পৰ্যায়ত মল্লযোদ্ধাসকলে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে।

আজি শুনানিৰ সময়ত জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে মল্লযোদ্ধাসকলৰ হৈ আদালতত কয় যে মহিলা মল্লযোদ্ধাসকলক সুৰক্ষা প্ৰদান কৰিব লাগে আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশে এই গোচৰটো নিৰীক্ষণ কৰিব লাগে। এই যুক্তিৰ ওপৰত, আদালতে দিল্লী আৰক্ষীক নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে আৰক্ষীক তেওঁলোকৰ দ্বাৰা লোৱা প্ৰতিটো পদক্ষেপৰ বিষয়ে অহা শুক্ৰবাৰৰ ভিতৰত এখন শপতনামা দাখিল কৰিবলৈও কয়। উচ্চতম ন্যায়ালয়ে বিষয়টোৰ পৰৱৰ্তী শুনানি ১৭ মে’ত কৰিব।

আদালতৰ এই নিৰ্দেশনা পিছতেই বজৰং পুনিয়াই সংবাদ মাধ্যমৰ আগত কয় যে, ব্ৰিজ ভূষণক এতিয়াই লগে লগে কাৰাগাৰত ভৰাব লাগে। তেওঁ কাৰাগাৰত নভৰোৱা পৰ্যন্ত আমি ইয়াৰ পৰা উঠি নাযাওঁ।

ইফালে বিনেশ ফোগাটে কয়, এফআইআৰ প্ৰথম দিনাই হ’ব লাগিছিল। কেৱল এফআইআৰ কৰিলেই নহ’ব। ব্ৰিজ ভূষণৰ বিৰুদ্ধে ইতিমধ্যে ৮৫ খনতকৈও অধিক এজাহাৰ আছে। তেওঁ পদৰ পৰা আঁতৰাই কাৰাগাৰত ৰাখিব লাগে।

লগতে পঢ়ক – দেশত ৰেডিঅ’ সংযোগ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে আজি ৯১টা FM ট্ৰেন্সমিটাৰ উদ্বোধন কৰিব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply