নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ মথুৰাৰ হোটেল বৃন্দাবন গাৰ্ডেনত বৃহস্পতিবাৰে পুৱা ৬.৩০বজাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই ঘটনাত হোটেলখনৰ দুজন কৰ্মচাৰীৰ থিতাতে মৃত্যু হয় । মৃত কৰ্মচাৰী দুজন উমেশ আৰু বিৰি সিং বুলি জানিব পৰা গৈছে। আনহাতে, বিজেন্দ্ৰ সিং নামৰ এজনক সংকটজনক অৱস্থাত আগ্ৰা হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

অগ্নিকাণ্ড হোটেলখনৰ প্ৰথম মহলাত থকা এটা ষ্টৰ ৰূমত সংঘটিত হৈছিল য’ত কৰ্মচাৰীকেইজন আবদ্ধ হৈ পৰিছিল।

ঘটনাস্থলীত লগে লগে অগ্নিনিৰ্বাপকবাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰিছিল।বহু সময় ধৰি চেষ্টা চলাই অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।পিছে কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ’ল এই সন্দৰ্ভত একো জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক বিসংগতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

জানিব পৰা মতে,হোটেলখনত অগ্নি প্ৰতিৰোধৰ যাৱতীয় একো ব্যৱস্থা নাছিল।

মথুৰাৰ শীৰ্ষ অগ্নি নিৰ্বাপক বিষয়া প্ৰমোদ শৰ্মাই কয়,”হোটেলখনৰ প্ৰথম মহলাত থকা এটা ষ্টৰ ৰূমত অগ্নিকাণ্ড সংঘটিত হৈছিল। হোটেলখনত প্ৰায় ১০০ জন লোক আছিল আৰু সকলোকে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছিল। ডেৰ ঘণ্টা চেষ্টা কৰাৰ পিছত জুই নুমুৱাবলৈ সক্ষম হৈছিলো।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply