নিউজ ডেস্কঃ মেৰুটৰ দৌৰালা ষ্টেচনত সাহাৰণপুৰৰ পৰা দিল্লীলৈ গৈ থকা এখন যাত্ৰীবাহী ৰেলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই জুই ৰেলখনৰ দুটা দবালৈ বিয়পি পৰে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে সমগ্ৰ যাত্ৰী তথা ষ্টেচনত থকা লোকসকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, জুই বিয়পি পৰা দবা দুটাৰ পৰা যাত্ৰীসকলক সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই অনা হয়। ইফালে, ৰেলখনৰ ইঞ্জিনতো এই জুই বিয়পি পৰাৰ পাছত ই এক ভয়ংকৰ ৰূপ লয়। আৰু ততাতৈয়াকৈ ইঞ্জিনটো আনবোৰ দবাৰ পৰা দূৰলৈ লৈ যোৱা হয়।
আনহাতে, অগ্নিনিৰ্বাপক বাহিনীৰ লোক উফস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। ৰেল ষ্টেচনটোৰ এটা ভিডিঅ’ও ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে, ষ্টেচনত থকা লোকসকলৰ লগতে ৰেলখনৰ যাত্ৰীসকলে ৰেলখনত হাতেৰে ঠেলি ইঞ্জিনৰ পৰা দূৰলৈ আঁতৰাই নিয়ে। সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই।