নিউজ ডেস্কঃ সোমবাৰে পুৱা লক্ষ্ণৌৰ হজৰতগঞ্জ অঞ্চলৰ Levana হোটেলত এক ডাঙৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ২ জন লোকৰ মৃত্যু হৈছে। কেইবাগৰাকীও এই ঘটনাত আহত হৈছে। আহতসকলক লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ হোটেলত খনত থকা লোকসকলক খিৰিকীৰে উদ্ধাৰ কৰি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে।
মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ কাৰ্য সম্পাদন কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী যোগীয়ে জিলা প্ৰশাসনৰ বিষয়াসকলক আহতসকলক সঠিক চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।
পাঁচমহলীয়া Levana হোটেলখনৰ চাৰিমহলাৰ পৰা এতিয়াও ধোঁৱা নিৰ্গত হৈ আছে। হোটেলখনৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ পিছফালৰ দেৱালখন বুলড’জাৰেৰে ভাঙি দিয়া হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিষয়টো তদন্ত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও দুৰ্ঘটনাটোত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ চিকিৎসালয়ত উপস্থিত হৈছে।
লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়ৰ মুখ্য অধীক্ষক ডাঃ আৰ পি সিঙে কৈছিল যে এতিয়ালৈকে ৭ জন লোকক ভৰ্তি কৰা হৈছে। আনহাতে দুজন লোকৰ মৃত্যু হৈছে, মৃত দুজনৰ ভিতৰত এগৰাকী মহিলা আৰু এজন পুৰুষও আছিল।
শ্বৰ্ট চাৰ্কিটৰ ফলতেই হোটেলখনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
হোটেল Levana ত থকা এজন ব্যক্তিয়ে কৈছিল যে , ”তেওঁ ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰিছিল আৰু লগে লগে হোটেলৰ পৰা ওলাই আহিছিল। অলপ সময় পিছতেই হোটেলত থকা বাকী লোকসকলে আতংকত চিঞৰ-বাখৰ কৰিছিল।”
হোটেলখনত থকা আন এজন ব্যক্তিয়ে কৈছিল যে তেওঁৰ জীৱন অতি কষ্টেৰে ৰক্ষা পৰিছিল। জুইৰ মাজৰ পৰা কোনোমতে তেওঁ নিজৰ জীৱন বচাবলৈ হোটেলখনৰ পৰা ওলাই আহিছিল আৰু হোটেলত আৱদ্ধ হৈ থকা বহু লোকক উদ্ধাৰ কৰিছিল।