নিউজ ডেস্ক : ভাৰতত অ’মিক্রন আক্রান্ত ৰোগীৰ মৃত্যু। অ’মিক্রনত আক্রান্ত প্ৰথমজন ৰোগীৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত। নিহত লোকজন কিছুদিন পুর্বে নাইজেৰিয়াৰ পৰা আহিছিল।
সমগ্ৰ বিশ্ববাসীক আতংকিত কৰি ৰখা ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রন অতি দ্ৰুত গতিত বিয়পিবলৈ ধৰিছে। বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰততো ভয়াবহভাৱে সংক্ৰমিত হৈছে অ’মিক্রন।
ইতিমধ্যে দেশৰ ৰাজধানী দিল্লীত অ’মিক্রনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড সম্পৰ্কীয় নীতি-নিৰ্দেশনা পুনৰ কঠোৰভাৱে বলবৎ কৰা হৈছে। দেশৰ ৰাজধানী দিল্লীৰ পিছতে মহাৰাষ্ট্ৰত সৰ্বাধিক লোক অ’মিক্রনত আক্রান্ত হৈছে।
দেশত অ’মিক্রন আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থকাৰ মাজতে মহাৰাষ্ট্ৰৰ পৰা আহিছে বেয়া খবৰ। অ’মিক্রনত আক্রান্ত ভাৰতৰ প্ৰথমজন ৰোগীৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত। নিহত লোকজন ৫২ বছৰীয়া বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : হেলমেট পৰিধান কৰা লোকক চকলেট উপহাৰ চৰাইদেউ আৰক্ষীৰ
মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে স্পষ্ট কৰিছে যে অ’মিক্রনত আক্রান্ত হৈ মৃত্যু হোৱা লোকজন কিছুদিন পূৰ্বে নাইজেৰিয়াৰ আহিছিল। লোকজনৰ মৃত্যু ২৮ ডিচম্বৰত হৈছিল যদিও লোকজন অ’মিক্রনত আক্রান্ত বুলি স্পষ্ট হোৱা নাছিল।